গুৱাহাটী, ২৫ ছেপ্টেম্বৰ:গৰুখুটিত যিসকল লোকক উচ্ছেদ কৰা হ'ল, সেইসকল লোক ভাৰতীয় নে বিদেশী নাগৰিক ? এই কথা চৰকাৰখনে স্পষ্ট কৰা উচিত । প্ৰবীণ সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকাৰ মন্তব্য এয়া । দৰং জিলাৰ ধলপুৰ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদৰ ঘটনাই কেউদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । অসমটো বাদেই, বিদেশতো বিভিন্ন চক্ৰই নিজা নিজা অভিপ্ৰায়েৰে এই উচ্ছেদৰ বিষয়ে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিছে ।
প্ৰবীণ সাংবাদিক কনকসেন ডেকাই এই উচ্ছেদৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ই টিভি ভাৰতক কয়, প্ৰথমে চৰকাৰে স্পষ্ট কৰা উচিত, উচ্ছেদ কৰা এই লোকসকল প্ৰকৃত ভাৰতীয় নাগৰিক নে বিদেশী নাগৰিক । যদি তেওঁলোক বিদেশী নাগৰিক তেন্তে গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, কেনেকৈ তেওঁলোকে সেই ঠাইত বসতি স্থাপনৰ সুযোগ পালে ? সেয়া চৰকাৰৰ গাফিলতি আৰু অকৰ্মন্যতাৰ বাবেহে সম্ভৱ হ'ল ।