গুৱাহাটী, ২৭ নৱেম্বৰ : ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক অনিল বৰুৱাৰ দেহাৱসান ঘটিছে ৷ সন্ধিয়া ৬.৫০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৮৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে ৷
বিগত কিছুদিন ধৰি অসুস্থ হৈ থকা অনিল বৰুৱাক সোমবাৰে জটিল অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷ ১৯৩৯ চনত জন্মগ্ৰহণ কৰা বৰুৱা জনমভূমি আৰু দৈনিক অসম কাকতৰ প্ৰাক্তন সম্পাদকো আছিল । চিকিৎসালয় কৰ্তৃপক্ষৰ তথ্য অনুসৰি তেঁও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় । পূৰ্বে হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে এবাৰ অস্ত্ৰোপচাৰো কৰিবলগীয়া হৈছিল বৰুৱাৰ ৷
অসমৰ জাতীয় জীৱনৰ কেইবাটাও দশকৰ যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনাক্ৰমৰ সময়ৰ সংবাদক্ষেত্ৰখনৰ এগৰাকী সংবেদনশীল আৰু স্পষ্টবাদী সাংবাদিকৰূপে পৰিচিত আছিল বিশিষ্ট সাংবাদিকগৰাকী ৷ ইয়াৰোপৰি এগৰাকী ৰাজনৈতিক বিশ্লেষক ৰূপেও বিশেষ সুনাম আছিল বৰুৱাৰ ৷
অসম আন্দোলনৰ সময়চোৱাত এগৰাকী সাংবাদিক হিচাবে কীৰ্তিনাথ হাজৰিকা আদিসকলৰ লগতে বিশেষ ভূমিকা পালন কৰাসকলৰ ভিতৰত অন্যতম আছিল অনিল বৰুৱাও ৷ আনহাতে দীঘলীয়া অসম আন্দোলনৰ পাচত ১৯৮৫ চনত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ যিসকলে বিৰোধিতা কৰিছিল তাৰ ভিতৰত আছিল অন্যতম অনিল বৰুৱাও ৷
অনিল বৰুৱাৰ মৃত্যুৰ বাতৰিয়ে সংবাদক্ষেত্ৰখনৰ লগতে তেওঁৰ গুণমুগ্ধসকলৰ মাজত শোকৰ ছাঁ পেলাইছে । মৃত্যুৰ সময়ত তেওঁ ৩ কন্যা সন্তানৰ লগতে আন আত্মীয়সকলক এৰি থৈ যায় ৷ নিকট আত্মীয় অসমৰ বাহিৰত থকাৰ বাবে বুধবাৰে তেওঁৰ অন্তিম সংস্কাৰ কৰা হ’ব ।
উল্লেখ্য যে প্ৰায় ৬ টা দশক অসমৰ সংবাদ জগতখনত বিশেষ ভূমিকা পালন কৰি অহা ‘দৈনিক অসম’ কাকতখনে ১৯৬৫ চনৰ ৪ আগষ্টত জন্মলাভ কৰাৰে পৰাই জড়িত আছিল অনিল বৰুৱা । কাকতখনৰ প্ৰথমগৰাকী সম্পাদক কীৰ্তিনাথ হাজৰিকাৰ নেতৃত্বত সংবাদসেৱা আগবঢ়োৱা অনিল বৰুৱাই পৰৱৰ্তী কালত সম্পাদকৰূপে অৱসৰ গ্ৰহণ কৰি সক্ৰিয় সাংবাদিকতাৰ সামৰণি মাৰিছিল যদিও বিভিন্ন কাকতত লিখা-মেলা অব্যাহত ৰাখিছিল ৷ ইয়াৰোপৰি 'চুই যাও' শীৰ্ষক স্তম্ভও লিখিছিল সদ্যপ্ৰয়াত অনিল বৰুৱাই ।
লগতে পঢ়ক :প্ৰখ্যাত অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা-পৰিচালক হেমেন দাস আৰু নাই