নিউজ ডেস্ক, 16 ডিচেম্বৰ :অলেখ গুণমুগ্ধক শোকসাগৰত পেলাই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে অসমীয়া ছবি জগতৰ চিৰপৰিচিত দুৰ্দান্ত অভিনেতা জয়ন্ত দাসে । প্ৰয়াত প্ৰখ্যাত টেনিছ খেলুৱৈ পুলিন দাসৰ পুত্ৰ জয়ন্ত দাস ছবিজগতৰ সকলোৰে মাজত পৰিচিত আছিল ৰাজু নামেৰে ।
বিগত কিছুদিন ধৰি গুৱাহাটীৰ এপ'ল' হাস্পতালত ৰোগৰ সৈতে যুঁজি অৱশেষত শনিবাৰে নিশা 8 বাজি 41 মিনিটত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে । জয়ন্ত দাস চিকিৎসাধীন হৈ থকা বুলি শুনাৰ পিচতেই তেওঁৰ অনুৰাগীসকলে আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা জনাইছিল ।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ তৰফৰ পৰা তেওঁৰ সম্পূৰ্ণ চিকিৎসাৰ খৰচ ব্যয় কৰাৰ কথা জনাইছিল বিভাগীয় মন্ত্ৰী বিমল বড়াই । আনকি চিকিৎসালয়ৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজ দি থকা জয়ন্ত দাসৰ খবৰ লৈছিল স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো । কিন্তু সকলোকে কন্দুৱাই অৱশেষত এইগৰাকী অভিনেতাই মাত্ৰ 66 বছৰ বয়সতে মেলানি মাগিলে জীৱনৰ ৰংগমঞ্চৰ পৰা । ইতিমধ্যে নিশাই তেওঁৰ নশ্বৰ দেহ বাসগৃহলৈ লৈ যোৱা হৈছে ৷
জনপ্ৰিয় অসমীয়া ধাৰাবাহিক ভাড়াঘৰত ‘হেমন্ত কাকতি’ ৰ চৰিত্ৰত অভিনয় কৰি অসমৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱা জয়ন্ত দাসে অভিনয় জগতত নিজা এক সুকীয়া পৰিচয় ৰাখি থৈ গৈছে ৷ বহু কেইখন অসমীয়া ছবিত খলনায়কৰ ভূমিকাত দুৰ্দান্ত অভিনয় কৰিছিল জয়ন্ত দাসে ৷ তাৰ ভিতৰত অন্যতম অগ্নিসাক্ষী, মিঠা মিঠা লগনত আৰু বুকুৰ মাজত জ্বলে ৷ জয়ন্ত দাস অভিনীত কেইখনমান অতি জনপ্ৰিয় ছবি আছিল শকুন্তলা আৰু শংকৰ যোচেফ আলি, নায়ক, পিতা-পুত্ৰ, অজলা ককাই, কন্যাদান, ভূমিপুত্ৰ, কাদম্বৰী, হলধৰ আদি ৷