গুৱাহাটী, 20 আগষ্ট: বিশিষ্ট চিত্ৰশিল্পী তথা নগাঁৱৰ প্ৰখ্যাত 'কল্লোল' চিত্ৰাংকন বিদ্যালয়ৰ অধ্যক্ষ কিৰণ শংকৰ ৰয়ৰ দেহাৱসান ৷ দেওবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে ৷ মৃত্যুৰ সময়ত চিত্ৰশিল্পীগৰাকীৰ বয়স আছিল 74 বছৰ ৷ চিত্ৰশিল্পীগৰাকী দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কৰ্কট ৰোগত ৷ চিকিৎসা বিজ্ঞানৰ উত্তৰণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালত তেওঁ দেহদান কৰিছিল ৷
শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকে চকুৰ কৰ্ণীয়া সংগ্ৰহ কৰে তেখেতৰ ৷ দুপৰীয়া 12 বজাত গুৱাহাটী মেডিকেল কলেজত মৰণোত্তৰ দেহদান কাৰ্যসূচী সম্পন্ন কৰা হয় ৷ কিৰণ শংকৰ ৰয়ৰ নগাঁও চহৰৰ চালনা চিমনা বস্তিত 1949 চনৰ 25 নৱেম্বৰত জন্ম হৈছিল ৷ চিমনা বস্তি প্ৰাথমিক বিদ্যালয়ৰ পৰাই তেওঁ আনুষ্ঠানিক শিক্ষাৰ পাতনি মেলিছিল ৷ পৰৱৰ্তী সময়ত বেংগলী বয়জ হাইস্কুল আৰু নগাঁও কলেজত অধ্যয়ন কৰে বিশিষ্ট চিত্ৰ শিল্পীগৰাকীয়ে ৷
সৰুৰে পৰা চিত্ৰকলাৰ ক্ষেত্ৰত আগ্ৰহী আছিল ৰয় ৷ চিত্ৰকলাৰ পাৰদৰ্শিতা তথা আগ্ৰহৰ বাবে পিতৃয়ে শান্তি নিকেতনত নাম ভৰ্তি কৰোৱাবলৈ সাজু হওঁতেই পিতৃৰ বিয়োগ হয় ৷ পিতৃ বিয়োগৰ পাছত পৰিয়ালটো গভীৰ আৰ্থিক সংকটৰ মুখত পৰে ৷ পৰিয়ালৰ ডাঙৰ পুত্ৰ হিচাবে কিৰণ শংকৰে পৰিয়ালৰ দায়িত্ব গ্ৰহণ কৰিব লগীয়া হোৱাত চিত্ৰ শিল্পকে পেছা হিচাবে গ্ৰহণ কৰে ৷