টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ - -by-high-court
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি ৷ আবেদনকাৰীৰ গোচৰৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনা দিছে ৷
গুৱাহাটী, 29 আগষ্টঃহাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ জাৰি কৰিছে ৷ 2014 চনৰ পৰা চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা নাই । ইপিনে শিক্ষা বিভাগে ৪০৬৭ গৰাকী শিক্ষক নিযুক্তিৰ বিজ্ঞাপন বাতিল কৰিছিল ৷ আবেদনকাৰীৰ গোচৰৰ ওপৰত ভিত্তি কৰি উচ্চ ন্যায়ালয়ে এমাহৰ ভিতৰত শিক্ষক নিযুক্তিৰ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ এই নিৰ্দেশনা দিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষক নিযুক্তি কৰিবলৈ শিক্ষা বিভাগে টেট অনুষ্ঠিত কৰিব বুলিও চৰকাৰে শপতনামা আকাৰে জানিবলৈ দিয়ে ।