অসম

assam

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদত বহিল বঞ্চিত শিক্ষক - প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষক

চচলত প্ৰাদেশিকীকৰণৰ দাবীত প্ৰতিবাদত বহিল প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত শিক্ষকসকল (Venture teachers protest in Chachal) ৷ প্ৰাপ্য অধিকাৰৰ দাবীত সাব্যস্ত কৰে প্ৰতিবাদ ৷

Venture teachers protest in Chachal
চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজপথত প্ৰাপ্য বঞ্চিত শিক্ষক

By

Published : Sep 20, 2022, 7:38 AM IST

গুৱাহাটী,১৯ ছেপ্টেম্বৰ:চৰকাৰৰ শেহতীয়া অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ প্ৰক্ৰিয়াৰ পৰা বঞ্চিত শিক্ষকসকলে সোমবাৰে চচলত ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (Venture teachers protest in Chachal) ৷ ভেঞ্চাৰ বিদ্যালয়ত কৰ্মৰত সকলো শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত সদৌ অসম অ-প্ৰাদেশীকৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সন্থাই ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

প্ৰতিবাদী শিক্ষকসকলে ২০১৩ আৰু ২০২১ বৰ্ষত প্ৰাদেশিকীকৰণৰ আওতালৈ নহা অৰ্হতা সম্পন্ন শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰা, বৰ্তমানলৈ নৱম, দশম শ্ৰেণীৰ অনুমতি প্ৰাপ্ত বিদ্যালয়সমূহ ছেৱাৰ দ্বাৰা দশম শ্ৰেণীৰ অনুমতি তথা স্বীকৃতি প্ৰদানৰ ব্যৱস্থা কৰা আদিকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (Teacher protest in Guwahati)।

চাকৰি নিয়মীয়াকৰণৰ দাবীত ৰাজপথত প্ৰাপ্য বঞ্চিত শিক্ষক

প্ৰতিবাদস্থলীত অংশ গ্ৰহণ কৰি সন্থাৰ সভাপতি বিপুল শৰ্মা আৰু মুখ্য উপদেষ্টা হেলালউদ্দিনে কয় যে, যোৱা ২৫-৩০ বছৰ ধৰি বিনা বেতনে মানৱ সম্পদ গঢ়াৰ নিচিনা পৱিত্ৰ শিক্ষক বৃত্তিত নিয়োজিত হৈ থকাৰ পিছতো আজিকোপতি চৰকাৰৰ পৰা কোনো সুফল নোপোৱাত শাৰীৰিক মানসিক তথা আৰ্থিকভাৱে ভাগি পৰিছে ভেঞ্চাৰ শিক্ষকসকল ।

শীঘ্ৰে পদ প্ৰাদেশিকীকৰণৰ পৰা বঞ্চিত হাইস্কুল শিক্ষকৰ পদসমূহ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে যাতে পূৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে তাৰ দাবী জনায় ভেঞ্চাৰ শিক্ষকসকলে । প্ৰাপ্য অধিকাৰৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচীত শতাধিক অপ্ৰাদেশিকৃত শিক্ষক-শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷ হাতে হাতে প্লে’কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে ভেঞ্চাৰ শিক্ষকসকলে (Teacher demand for regularize their job) ৷

লগতে পঢ়ক:সাংবাদিকে কি কি প্ৰশ্ন কৰিব সেয়াও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতেহে হ’ব !

ABOUT THE AUTHOR

...view details