অসম

assam

ETV Bharat / state

মহানগৰীত ৮ এপ্ৰিলৰ পৰা বিক্ৰী হ'ব শাক-পাচলি

৮ এপ্ৰিলৰ পৰা মহানগৰীত বিক্ৰী হ'ব শাক-পাচলি । সোমবাৰে গুৱাহাটীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই কথা সদৰী কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । মহানগৰীৰ মুঠ ৮২ টা স্থানত পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজাৰলৈ পাচলি বিক্ৰীৰ নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

বিশ্বজিৎ পেগু
মহানগৰীত ৮ এপ্ৰিলৰ পৰা বিক্ৰী হ'ব শাক-পাচলি

By

Published : Apr 6, 2020, 10:37 PM IST

গুৱাহাটী, ৬ এপ্ৰিলঃ সোমবাৰে গুৱাহাটীৰ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। মহানগৰীত শাক-পাচলি বিক্ৰী সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সভাত উপস্থিত থাকে উপায়ুক্ত বিশ্বজিৎ পেগু, মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, অতিৰিক্ত উপায়ুক্ত মনোজ চিকৰিয়া, খাদ্য অসামৰিক যোগান বিভাগৰ উপ সঞ্চালক প্ৰমোদ শ্যাম, কৃষি সামগ্ৰী বিপণন পৰিষদৰ বিষয়া ধৰণীধৰ দাস আৰু পামহী বজাৰৰ শাক-পাচলি ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল।

অহা ৮ এপ্ৰিলৰ পৰা ভ্ৰাম্যমান ভিত্তিত শাক-পাচলিৰ বিক্ৰী কৰাৰ সিন্ধান্ত লোৱা হয় এই সভাত । মুঠ ৮২ টা স্থানত পুৱা ৯ বজাৰ পৰা দিনৰ ২ বজালৈ পাচলি বিক্ৰীৰ নিদেৰ্শ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা সকলো মানি চলিহে সামগ্ৰী বিক্ৰী কৰাৰ নিৰ্দেশ প্ৰদান কৰে উপায়ুক্তগৰাকীয়ে । তদুপৰি নিৰ্ধাৰিত ব্যাৱসায়ীহে উক্ত স্থানত বিক্ৰী কৰিব পাৰিব শাক-পাচলি ।

উল্লেখযোগ্য যে, অধিক জনসমাগম হোৱাৰ বাবেই কিছুদিন পূৰ্বে এই ব্যৱস্থা বাতিল কৰিছিল প্ৰশাসনে । কিন্তু শেহতীয়াকৈ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ শাক-পাচলি বিক্ৰীৰ ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসনে ।

ABOUT THE AUTHOR

...view details