গুৱাহাটী,15 ডিচেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসমীয়া তথ্য চিত্ৰ 'বীৰাংগনা'। অসম আৰক্ষীৰ বিৰাংগনা গোটৰ জন্ম আৰু কাৰ্যপদ্ধতিক সামৰি কিশোৰ কলিতাই নিৰ্মাণ কৰিছিল এই তথ্য চিত্ৰখন । সদ্য ঘোষিত লণ্ডনৰ ‘লীফ্ট অব গ্ল’বেল নেটৱৰ্ক ফিল্ম ফেষ্টিভেল’ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বীৰাংগনাই । প্ৰায় ১৫০খন দেশৰ ৮৩খন ছবিক পুৰস্কাৰৰ বাবে মনোনীত কৰা হয় । তদুপৰি বীৰাংগনাৰ লগতে 'নো এচকেপ' আৰু 'পেনি' নামৰ ছবি দুখনেও শীৰ্ষ স্থান পাবলৈ সক্ষম হৈছে ।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'বীৰাংগনা' - বীৰাংগনা তথ্যচিত্ৰ বাতৰি
অসম আৰক্ষীৰ বিৰাংগনা গোটৰ জন্ম আৰু কাৰ্যপদ্ধতিক সামৰি নিৰ্মান কৰা তথ্য চিত্ৰ 'বীৰাংগনা' উজ্বলিবলৈ সক্ষম হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৷ সদ্য ঘোষিত লণ্ডনৰ ‘লীফ্ট অব গ্ল’বেল নেটৱৰ্ক ফিল্ম ফেষ্টিভেল’ত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে বীৰাংগনাই ।
![আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিল 'বীৰাংগনা' as_ghy_ngana-documentry-got-selected-for-lift-of-global-network-film-festival_vis_as10002](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9885309-thumbnail-3x2-g.jpg)
আন্তৰ্জাতিক পৰ্যায়ত এই সন্মান লাভ কৰি অতিকৈ আনন্দিত হৈ পৰিছে তথ্য চিত্ৰখনৰ নিৰ্মাতা কিশোৰ কলিতা । উল্লেখ্য যে, উৎপল দত্তৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে নগেন বৈশ্যই ৷ সংগীত পৰিচালনা অভিজিৎ বৰ্মণ, নেপথ্য গীতত কণ্ঠদান জুবলি বৰুৱা লগতে ছবিখনৰ সম্পাদনা কৰিছে দিগন্ত বৰাই । ছবিখনৰ মুখ্য পোষ্টাৰ অংকন কৰিছে কলকাতাৰ প্ৰসিদ্ধ শিল্পী সৌৰীশ মিত্ৰই । চলিত মাহৰ অন্তিম ভাগত বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱটো এই ছবিখন প্ৰদৰ্শিত হ'ব বুলি জনায় ছবিখনৰ নিৰ্মাতা কিশোৰ কলিতাই ৷
লগতে পঢ়ক-আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড