নিউজ ডেস্ক, 20 জুন :অৱশেষত মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা ৷ NSA অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত বন্দী হৈ থকা শৃংখল চলিহাক 45 দিনৰ অন্তত মুকলি কৰি দিয়া হয় ৷ জানিব পৰা মতে, সোমবাৰে নিশা প্ৰায় 11 বজাত ঘৰত আহি উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতাগৰাকী ৷ শৃংখল চলিহা বাসগৃহত উপস্থিত হোৱাৰ পাচতে তেওঁৰ খবৰ ল’লে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷
উল্লেখ্য যে, বহু সমালোচিত শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কৰা গ্ৰেপ্তাৰক লৈ শিৱসাগৰ জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে কৰিছিল কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ তথ্য অনুসৰি, শিৱসাগৰ জিলা দণ্ডাধীশৰ আদেশ নং SVMJ/NSA/16/2023/10(A)ৰ দ্বাৰা শৃংখল চলিহাক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ ধাৰা 3(2)ৰ অধীনত তিনি মাহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ৷
জিলা দণ্ডাধীশ আদিত্য বিক্ৰম যাদৱে উল্লেখ কৰা অনুসৰি, শৃংখল চলিহাৰ বিভিন্ন কাৰ্যকলাপ পৰ্যৱেক্ষণ কৰি তেওঁক সমাজৰ জাতি-সম্প্ৰদায়ৰ মাজত বিভেদৰ বীজ সিঁচিছিল ৷ লগতে সমাজত এক অশান্তিকৰ বাতাৱৰণ সৃষ্টি কৰিছিল শৃংখল চলিহাই ৷ যাৰ বাবে ৰাইজৰ সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক ৷
লগতে পঢ়ক :Srinkhal Chaliha arrested: শৃংখল চলিহাক শীঘ্ৰে মুক্তি দিয়াৰ দাবী অখিল গগৈৰ