গুৱাহাটী, 4 জুনঃঅসমত অনা-অসমীয়াৰ দাদাগিৰী নচলিব বুলি হুংকাৰ প্ৰদান কৰে বীৰ লাচিত সেনা অসমৰ সম্পাদক শৃংখল চলিহাই ৷ মহানগৰীৰ পাণবজাৰস্থিত এপেক্স বেংকত বুধবাৰে বেংকটোৰ প্ৰৱন্ধক শশাংক শেখৰ শাস্ত্ৰীয়ে বহু কেইগৰাকী অসমীয়া কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ কেৱল ইমানেই নহয় সেই কৰ্মচাৰীসকলক কামৰ পৰা উলিয়াই দিয়াৰো ভাবুকি দিয়ে বুলি জানিব পৰা গৈছে ৷
পাণবজাৰ এপেক্স বেংকৰ প্ৰৱন্ধকক সকীয়নি লাচিত সেনাৰ - বীৰ লাচিত সেনা অসমৰ সম্পাদক
গুৱাহাটীৰ পাণবজাৰস্থিত এপেক্স বেংকৰ প্ৰৱন্ধক শশাংক শেখৰ শাস্ত্ৰীয়ে বহু কেইগৰাকী অসমীয়া বেয়া ব্যৱহাৰ কৰাৰ লগতে, কৰ্মচাৰীসকলক কামৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদানৰ অভিযোগৰ পিচতে, প্ৰৱন্ধক গৰাকীক এনে কাম পুনৰ নকৰিবলৈ সকীয়নি দিয়ে বীৰ লাচিত সেনা অসমৰ সদস্য সকলে ৷
veer lachit sena assam warned manager of panbajar apex bank
এই ঘটনাত তীব্ৰ প্ৰতিবাজ সাব্যস্ত কৰে বীৰ লাচিত সেনাই ৷ বৃহস্পতিবাৰে বেংকটোত উপস্থিত হৈ বেংক প্ৰবন্ধক গৰাকীক এনে ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে দলটোৰ সদস্য সকলে ৷
লগতে পঢ়কঃকোৱাৰেণ্টাইন কেন্দ্ৰত ন্যূনতম সা-সুবিধা নথকাৰ অভিযোগ