গুৱাহাটী, ৬ জুন :ক'ভিডৰ(covid-19) পৰা বাচি থাকিবলৈ হ'লে ভেকচিন লোৱাটো নিতান্তই প্ৰয়োজনীয় বুলি ইতিমধ্যেই বিবেচিত হৈছে । যাৰ বাবে সকলো লোকেই ভেকচিন লোৱাৰ বাবে আগবাঢ়ি আহিছে যদিও ভেকচিনৰ অভাৱত বহু লোক থমকি ৰ'ব লগা হৈছে । ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিত জনগণক ক্ষীপ্ৰতাৰে ভেকচিন প্ৰদানত কাৰ্যতঃ ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰ ।
ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ অতি লেহেমীয়া গতিত চলিছে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া । ১৬ জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে আৰম্ভ হোৱা ভেকচিন প্ৰক্ৰিয়াই এতিয়ালৈকে অসমৰ ৪৩,১৩,৫২১ গৰাকী লোকক সামৰি ল'বলৈ সক্ষম হৈছে । ইয়াৰে ৩৪,৬৫,৭৯৮ গৰাকী লোকে প্ৰথম পালি আৰু ৮,৪৭,৭২৩ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । বিগত ২৪ ঘণ্টাত ৰাজ্যখনৰ ৪০,৮২৩ গৰাকী লোকে ভেকচিন লাভ কৰাৰ বিপৰীতে ৩৮,৩৪২ গৰাকীয়ে প্ৰথম পালি আৰু ২,৪৮১ গৰাকীয়ে দ্বিতীয় পালি লাভ কৰিছে ।
অতি কম সংখ্যক লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱাত এতিয়া জিলাই জিলাই ক'ভিড ভেকচিন বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । বিশেষকৈ ১৮ বছৰ ঊৰ্ধৰ ব্যক্তিৰ ভেকচিনৰ নাটনিয়ে স্বাস্থ্য বিভাগকো এতিয়া সমস্যাত পেলাইছে ।
উল্লেখ্য যে, ৰাজ্যত ভেকচিনৰ অভাৱ হোৱাৰ কথা খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছিল । ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ভেকচিনৰ অভাৱৰ কথা উল্লেখ কৰিছে । লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ২০ মে'ত এখন সংবাদমেলত উল্লেখ কৰা মতে ৰাজ্যৰ ৪৫ৰ উৰ্ধৰ প্ৰায় ১ কোটি লোকক ভেকচিন দিয়াৰ দায়িত্ব ভাৰত চৰকাৰৰ । আনহাতে ১৮ ৰ উৰ্ধৰ প্ৰায় ১.২০ কোটি লোকক ভেকচিন দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ । ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ৬০০ ৰ পৰা ৮০০ কোটি টকা ব্যয় হ'ব ।
ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ সেইদৰে বিগত বৰ্ষত ক'ভিডৰ সময়ত মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজি আৰু আৰোগ্য নিধিলৈ ১১৬ কোটি টকাৰ বৰঙণি আহিছিল । সুদ মিলি সেই পুঁজি ১১৯ কোটি টকা হ'ল । সেই পুঁজি এতিয়া ভেকচিন ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে ইতিমধ্যেই ঘোষণা কৰিছে । তদুপৰি মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকা ভেকচিন ক্ৰয়ৰ বাবে আৰোগ্য নিধিক প্ৰদান কৰা হৈছে ।
১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ভেকচিন প্ৰক্ৰিয়াই এতিয়ালৈকে ৰাজ্যৰ ৪৩,১৩,৫২১ গৰাকী লোকক সামৰি লৈছে যদিও গৰিষ্ঠ সংখ্যকেই ৪৫ ৰ ঊৰ্ধৰ । তেনেস্থলত ১৮ ৰ ঊৰ্ধৰ লোকেসকলক ভেকচিন প্ৰদান কৰাৰ ক্ষেত্রত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ । কাৰণ ১৮ ৰ ঊৰ্ধৰ লোকসকলক ভেকচিন প্ৰদানৰ দায়িত্ব ৰাজ্য চৰকাৰৰ । ইফালে কেন্দ্ৰীয় চৰকাৰেও পৰ্যাপ্ত পৰিমাণে ভেকচিন যোগান ধৰিবলৈ সক্ষম নোহোৱাত ৪৫ ৰ উৰ্ধৰ লোকসকলো ভেকচিনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ।
এফালে কেন্দ্ৰৰ যোগান সীমিত আৰু আনফালে ৰাজ্য চৰকাৰে পৰ্যাপ্ত ভেকচিন ক্ৰয় কৰিবলৈ সমৰ্থ হোৱা নাই । যাৰ ফলত ক'ভিডৰ পৰা জীৱন ৰক্ষা কৰা ভেকচিন বিচাৰি জনগণে হাহাকাৰ কৰিবলগীয়া হৈছে । ১৮ ৰ ঊৰ্ধৰ কথা বাদেই ৪৫ ৰ ঊৰ্দ্ধৰ বয়োজ্যেষ্ঠ লোকসকলে ৰ'দে-বৰষুণে পুৱাৰে পৰা ভেকচিন কেন্দ্ৰত শাৰী পাতিও ভেকচিন লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনকি বহুতে প্ৰথম পালি ভেকচিন লোৱাৰ পাছত এতিয়া সময় অতিক্ৰম কৰাৰ পাছতো দ্বিতীয় পালি ভেকচিন লাভ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ।
ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ ভেকচিনৰ এনে অভাৱনীয় পৰিৱেশৰ মাজতো স্বাস্থ্যমন্ত্রীয়ে ঘৰে ঘৰে ভেকচিন দিয়াৰ কথা উল্লেখ কৰাৰ উপৰি ব্যক্তিগত খণ্ডৰ হাস্পতালক ভেকচিন ক্ৰয়ৰ বাবে সুদ বিহীন ঋণ দিয়াৰ কথা ঘোষণা কৰিছে। লক্ষণীয় বিষয় যে ভেকচিন কেন্দ্ৰসমূহত প্ৰয়োজনীয় ভেকচিন যোগান ধৰিবলৈ অসমৰ্থ হোৱা চৰকাৰখনে ঘৰে ঘৰে ভেকচিন দিয়াৰ কথা কোৱাটো কিমানদূৰ বাস্তৱসন্মত । আনহাতে ভেকচিনৰ এনে লেহেমীয়া প্ৰক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছে যে ডিচেম্বৰৰ ভিতৰত প্ৰতিগৰাকী ব্যক্তিয়ে ভেকচিনৰ দুয়োটা পালি লাভ কৰিব ।
ইফালে বিভিন্ন দল-সংগঠনে এনেদৰে চলি থাকিলে তিনি বছৰতো অসমত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ব বুলি সদৰি কৰিছে । বিগত প্ৰায় পাঁচ মাহত ৰাজ্যৰ ২.২০ কোটি লোকৰ ভিতৰত মাত্র ৪৩,১৩,৫২১ লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । এই হিচাপত এতিয়ালৈকে ১৯ শতাংশ লোকে ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে মাথো ঘোষণাতে সীমিত হৈ আছে কেন্দ্ৰীয় চৰকাৰে ভেকচিনৰ বাবে ধার্য কৰা ৩৫ হাজাৰ কোটি টকাৰ আঁচনি।
লগতে পঢ়ক:অসমত কংগ্ৰেছ হাৰিল কিয় : অশোক চৱনৰ প্ৰতিবেদনত ওলাল আচল কথা !