অসম

assam

ETV Bharat / state

ৰাজ্যত প্ৰতিষেধকৰ নাটনি: মজুত মাত্ৰ দুই লাখ পালি

কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিষেধক যোগান নধৰাৰ বাবে ৰাজ্যত নাটনিয়ে দেখা দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডঃ লক্ষ্মনন এছে দেওবাৰে ইটিভি ভাৰতক জনোৱা মতে, দেওবাৰ পুৱা পৰ্যন্ত তেওঁলোকৰ হাতত মজুত আছে প্ৰায় দুই লাখ পালি প্ৰতিষেধক ।

ৰাজ্যত প্ৰতিষেধকৰ নাটনিঃমজুত আছে মাত্ৰ দুই লাখ পালিহে
ৰাজ্যত প্ৰতিষেধকৰ নাটনিঃমজুত আছে মাত্ৰ দুই লাখ পালিহে

By

Published : Apr 11, 2021, 4:45 PM IST

গুৱাহাটী,১১ এপ্ৰিল:ক'ভিড-১৯ ৰ দ্বিতীয়টো ঢৌৱে অসমক প্ৰভাৱান্বিত কৰাৰ সময়তে ৰাজ্যত প্ৰতিষেধকৰ নাটনিয়ে দেখা দিছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি সম্প্ৰতি ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ লোকসকলক প্ৰতিষেধক প্ৰদান কৰি অহা হৈছে । এইসকলৰ বহুতকে ইতিমধ্যে দ্বিতীয়টো পালি প্ৰদান কৰিবলগীয়া হৈছে । কিন্তু কেন্দ্ৰীয় চৰকাৰে সময়মতে প্ৰতিষেধক যোগান নধৰাৰ বাবে ৰাজ্যত নাটনিয়ে দেখা দিছে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম)ৰ ৰাজ্যিক মিছন সঞ্চালক ডঃ লক্ষ্মনন এছে দেওবাৰে ইটিভি ভাৰতক জানিবলৈ দিয়ে এই কথা । মিছন সঞ্চালক গৰাকীয়ে কয় যে, দেওবাৰ পুৱা পৰ্যন্ত তেওঁলোকৰ হাতত মজুত আছে প্ৰায় দুই লাখ পালি প্ৰতিষেধক । কিন্তু এইখিনি পৰ্যাপ্ত নহ'ব । কিয়নো জনসংখ্যা অনুসৰি যদি ৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ সকলো লোককে প্ৰতিষেধক প্ৰদান কৰিব লাগে, তেন্তে প্ৰায় ৭০-৭৫ লাখ পালি প্ৰতিষেধকৰ প্ৰয়োজন হ'ব । তেনেদৰে বহুতকে প্ৰতিষেধকৰ দ্বিতীয়টো পালি দিব লাগিব । তাৰ বাবেও কমেও ১৫ লাখ পালি প্ৰতিষেধকৰ প্ৰয়োজন ।

ৰাজ্যত প্ৰতিষেধকৰ নাটনিঃমজুত আছে মাত্ৰ দুই লাখ পালিহে

স্মৰ্তব্য যে, ইতিমধ্যে অসমলৈ প্ৰতিষেধক প্ৰেৰণ কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই দুবাৰকৈ অনুৰোধ জনাই কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক:মুখ্য নিৰ্বাচন আয়ুক্তলৈ পত্র সাংসদ অজিত কুমাৰ ভূঞাৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details