অসম

assam

ETV Bharat / state

অসমত উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ড৹ ধনসিং ৰাৱাট - ড৹ ধনসিং ৰাৱাট

UK Health Minister in GMCH : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ বুজ ল’লে পৰিচালনা ব্যৱস্থাৱলীসমূহো ৷

Uttarakhand Health Minister visits to GMCH
অসমত উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ড৹ ধনসিং ৰাৱাট

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:58 PM IST

গুৱাহাটী, ২ জানুৱাৰী : অসমত স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বুজ ল’লে উত্তৰাখণ্ডৰ স্বাস্থ্য, শিক্ষা আৰু সমবায় দপ্তৰৰ মন্ত্ৰী ড৹ ধনসিং ৰাৱাটে । দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে সোমবাৰে ৰাজ্যখনলৈ অহা উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ৰাৱাটে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ সৈতে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰিদৰ্শন কৰে ৷

লগতে তেওঁ GMCH ৰ হৃদয় বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ (চিএন চেণ্টাৰ) আৰু জিএমচিএইচ সংলগ্ন ছুপাৰস্পেচিয়েলিটি চিকিৎসালয়ো পৰিদৰ্শন কৰি ৰাজ্যত চিকিৎসা শিক্ষাৰ সম্প্ৰসাৰণ তথা স্বাস্থ্যসেৱাৰ শেহতীয়া ধাৰা প্ৰত্যক্ষ কৰে ।

অসমত উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ড৹ ধনসিং ৰাৱাট

তথ্য অনুসৰি, উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ড৹ ৰাৱাটে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে মঙলবাৰে আগবেলা প্ৰথমে জিএমচিএইচত উপস্থিত হয় ৷ তাৰ পাচত তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চিকিৎসালয়খনৰ আন্তঃগাথঁনি, উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থাৱলী, চিকিৎসালয় পৰিচালনা ব্যৱস্থাপনা আদিৰ বিষয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য আৰু জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাৰ পৰা বিষদভাৱে বুজ লয় ।

উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে বিভিন্ন বিভাগৰ মুৰব্বী অধ্যাপক-বিশেষজ্ঞ চিকিৎসকসকলৰ লগতো এখন বৈঠকত মিলিত হয় । বৈঠকত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা জিএমচিএইচৰ মুখ্য অধীক্ষকগৰাকীয়ে অতিথি স্বাস্থ্যমন্ত্ৰী ড৹ ৰাৱাটক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগতে জিএমচিএইচৰ ইতিহাস, বিগত সময়ৰ সফলতাৱলীৰ লগতে চিকিৎসা সেৱাৰ ক্ষেত্ৰত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীলৈ আগবঢ়াই অহা উল্লেখনীয় সেৱাৰ আভাষ এক 'পাৱাৰপইণ্ট' ৰ জৰিয়তে উপস্থাপন কৰে ৷

GMCH ত স্বাস্থ্যমন্ত্ৰী ড৹ ধনসিং ৰাৱাট

ইয়াৰ পাচতে অতিথি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে জিএমচিএইচৰ চি এন চেণ্টাৰ আৰু ছুপাৰ স্পেচিয়েলিটি হাস্পতালো পৰিদৰ্শন কৰে ৷ ৰাজ্যবাসীৰ বাবে অত্যাধুনিক ছুপাৰ-স্পেচিয়েলিটি চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ চলোৱা বিশেষ প্ৰয়াসৰ আভাষ প্ৰত্যক্ষ কৰি তেওঁ অসম চৰকাৰৰ উচ্চ প্ৰশংসা কৰে ।

চিএন চেণ্টাৰৰ সঞ্চালক ডাঃ বসন্ত বৈশ্য আৰু ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ প্ৰশাসনিক তত্বাবধায়ক ডাঃ শশাংক বৰুৱাই উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক জিএমচিএইচৰ অন্তৰ্গত অত্যাধুনিক চিকিৎসানুষ্ঠান দুখনত উপলব্ধ বিশেষজ্ঞ চিকিৎসা সেৱা, চিকিৎসালয় পৰিচালনা ব্যৱস্থাপনা আৰু 'হাস্পতাল ইনফ'ৰ্মেছন মেনেজমেণ্ট ছীছটেম' আদিৰ বিষয়ে অৱগত কৰে । ইয়াৰ পাচতে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে অতিথি স্বাস্থ্যমন্ত্ৰীগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ো পৰিদৰ্শন কৰায় ।

GMCH পৰিদৰ্শন ড৹ ধনসিং ৰাৱাটৰ

কেওখন প্ৰতিষ্ঠানতে উপলব্ধ সুবিধাৱলী, উপলব্ধ সেৱা, পৰিচালনা ব্যৱস্থা আদি আনুষংগিক দিশবোৰৰ আভাষ লৈ অতিথি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে । অসমত স্বাস্থ্যসেৱা আৰু চিকিৎসা শিক্ষাখণ্ডৰ আন্তঃগাথঁনিৰ ব্যাপক উন্নয়নৰ লগতে ৰাজ্যবাসীলৈ উন্নতমানৰ চিকিৎসাসেৱা উপলব্ধ কৰাবলৈ ৰাজ্য চৰকাৰে চলোৱা প্ৰয়াসৰ প্ৰশংসা কৰি উত্তৰাখণ্ডৰ স্বাস্থ্যমন্ত্ৰী ৰাৱাটে নিজ ৰাজ্যতো স্বাস্থ্যখণ্ডৰ ক্ষীপ্ৰ বিকাশৰ দিশত অসমৰ এনে সফলতাৰ অভিজ্ঞতাই প্ৰেৰণা যোগাব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক :জলজীৱন-পৰ্যটন-নিয়োগ বিনিময়ৰ খতিয়ান মন্ত্ৰী জয়ন্ত মল্লৰ

ABOUT THE AUTHOR

...view details