গুৱাহাটী, ১৪ এপ্ৰিল: সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে অসমবাসীলৈ জনাইছে ৰঙালী বিহুৰ শুভেচ্ছা । বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে টুইটযোগে অসমবাসী ৰাইজক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে ।
ৰঙালীৰ বিহুৰ শুভেচ্ছা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে - জ' বাইডেন
অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেনে । বুধবাৰে টুইটযোগে ৰাষ্ট্ৰপতি গৰাকীয়ে বিহুৰ শুভেচ্ছা জনায় ।
![ৰঙালীৰ বিহুৰ শুভেচ্ছা জনালে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে অসমবাসীক ৰঙালীৰ বিহুৰ শুভেচ্ছা জনালে আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰপতি জ' বিডেনে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11403653-964-11403653-1618410276484.jpg)
অসমবাসীক ৰঙালীৰ বিহুৰ শুভেচ্ছা জনালে আমেৰিকা যুক্তৰাষ্টৰ ৰাষ্ট্ৰপতি জ' বিডেনে
ৰাষ্ট্ৰপতি বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনে দক্ষিণ এছিয়া আৰু দক্ষিণ পূৱ এছিয়াৰ ভিন্ন প্ৰান্তত বৰ্তমান উদযাপিত হৈ থকা বিভিন্ন উৎসৱৰ বাবে সেই অঞ্চলৰ জনতাক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে । বাইডেন দম্পত্তিয়ে শুভেচ্ছা জ্ঞাপন কৰা বিভিন্ন উৎসৱৰ তালিকাৰ মাজত অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৱেও স্থান লাভ কৰে ৷