অসম

assam

ETV Bharat / state

চিডিচি ফাউণ্ডেচনে আগবঢ়ালে ৭৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক - Oxygen Tanks

ক’ভিড মহামাৰীৰে সৈতে যুঁজ দিবলৈ আমেৰিকাৰ চিডিচি ফাউণ্ডেচনে ‍অসমৰ বাবে আগবঢ়াইছে ৯৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক (Cryogenic Oxygen Tanks)। তাৰে ৭৮ টা টেংক ২০০ লিটাৰ ক্ষমতাৰ আৰু ২০ টা টেংক ৫০০ লিটাৰ ক্ষমতাৰ । এই ক্ৰেঅ'জেনিক টেংক তৰল অক্সিজেনৰ ভাণ্ডাৰ আৰু ইয়াৰ পৰা নিজৰ ক্ষমতাতকৈ ৮০০ গুণ বেছি গেছীয় অক্সিজেন উৎপন্ন হয় ।

চিডিচি ফাউণ্ডেচনে আগবঢ়ালে ৭৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক
চিডিচি ফাউণ্ডেচনে আগবঢ়ালে ৭৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক

By

Published : Jun 22, 2021, 9:59 PM IST

গুৱাহাটী,22 জুন:ক'ভিড-১৯ মহামাৰীৰে যুঁজ দিবলৈ আমেৰিকাৰ আয়বিহীন সংস্থা চিডিচি ফাউণ্ডেচনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ আমেৰিকাৰ চিডিচি ফাউণ্ডেচনে ‍অসমৰ বাবে আগবঢ়াইছে ৯৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক (Cryogenic Oxygen Tanks)। ইয়াৰে ৭৮ টা টেংক ২০০ লিটাৰ ক্ষমতাৰ আৰু ২০ টা টেংক ৫০০ লিটাৰ ক্ষমতা সম্পন্ন ৷

চিডিচি ফাউণ্ডেচনে আগবঢ়ালে ৭৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক

জানিব পৰা মতে, এই ক্ৰেঅ'জেনিক টেংক হৈছে এক তৰল অক্সিজেনৰ ভাণ্ডাৰ ৷ ইয়াৰ পৰা নিজৰ ক্ষমতাত কৈ ৮০০ গুণ বেছি গেছীয় অক্সিজেন উৎপন্ন হয় । ২০০লিটাৰৰ প্ৰতিটো টেংকৰ পৰা ১.৬০ লাখ লিটাৰ গেছীয় অক্সিজেন উৎপন্ন হয় ৷ আনহাতে, ৫০০ লিটাৰ প্ৰতিটো টেংকৰ পৰা ৪ লাখ লিটাৰ গেছীয় অক্সিজেন উৎপন্ন হয় বুলি জানিব পৰা গৈছে ।

চিডিচি ফাউণ্ডেচনে আগবঢ়ালে ৭৮ টা ক্ৰেঅ'জেনিক অক্সিজেন টেংক

প্ৰাপ্ত তথ্য অনুসৰি, এই ক্ৰেঅ'জেনিক টেংক সমূহক ডাঙৰ চিকিৎসালয়ৰ অক্সিজেন পাইপ লাইনৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ কৰিব পাৰি ৷

উল্লেখ্য যে, অন্য অক্সিজেন টেংসমূহক সঘনে সলনি কৰি থাকিব লাগে ৷ কিন্তু এই ক্ৰেঅ'জেনিক টেংক সমূহক আই চি ইউ বিছনাৰ সৈতে সংযোগ কৰি বহু দিনলৈ অক্সিজেনৰ যোগান নিয়মীয়‍কৈ বৰ্তাই ৰাখিব পাৰি । যাৰ ফলত জৰুৰীকালীন সময়ত এই টেংকসমূহ অক্সিজেন যোগানৰ ক্ষেত্ৰত বিশেষ সহায়ক হ'ব বুলি আশা কৰিব পাৰি ৷

লগতে পঢ়ক:২০০৫ চনৰ IISC আক্ৰমণৰ অভিযুক্তক মুকলিৰ সিদ্ধান্ত NIAৰ বিশেষ আদালতৰ

ABOUT THE AUTHOR

...view details