অসম

assam

ETV Bharat / state

Urmi Julie poetry book inagurated: উৰ্মি জুলীৰ ব্যতিক্ৰমী কবিতাৰ প্ৰশংসাত পঞ্চমুখ পাঠক সমাজ

গুৱাহাটী আৰ্টিষ্ট গীল্ডত (Guwahati Artist Guild) শনিবাৰে উৰ্মি জুলী শইকীয়াৰ (Poet Urmi Julie Saikia) এক ব্যতিক্ৰমী কাব্য সংকলন উন্মোচন কৰা হয় ৷

Urmi Julie poetry book inaugurated at Guwahati Artist Guild
Urmi Julie poetry book inaugurated at Guwahati Artist Guild

By

Published : Dec 10, 2022, 7:47 PM IST

Updated : Dec 11, 2022, 12:29 PM IST

উৰ্মি জুলীৰ ব্যতিক্ৰমী কবিতাৰ প্ৰশংসাত পঞ্চমুখ পাঠক সমাজ

গুৱাহাটী, ১০ ডিচেম্বৰ:এতিয়া কিতাপ পঢ়াৰ বতৰ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰিছেহি ৷ গুৱাহাটী আৰ্টিষ্ট গীল্ডত (Guwahati Artist Guild) শনিবাৰে উৰ্মি জুলী শইকীয়াৰ (Poet Urmi Julie Saikia) এক ব্যতিক্ৰমী কাব্য সংকলন উন্মোচন কৰা হয় ৷

ক্ৰান্তিকাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উৰ্মি জুলী শইকীয়াৰ প্ৰথম কাব্য সংকলন 'এদিন মোৰ ঘৰলৈ আহিবা মোৰ যত জন্ম হৈছিল সেই দুখৰ ঘৰটো চাই যাবা' শীৰ্ষক গ্ৰন্থখনে পঢ়ুৱৈ সমাজক কবিতাৰ অন্য এক ৰস প্ৰদান কৰিব বুলি আশাবাদী ৷ কাব্যগ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সমালোচক বিভাস চৌধুৰীয়ে । তেওঁ গ্ৰন্থখন উন্মোচন কৰি সংবাদমাধ্যমৰ আগত কয় যে এইখন এখন ব্যতিক্ৰমী কবিতা পুথি (Urmi Julie poetry book inagurated) ।

নিলীম কুমাৰৰ কবিতাৰ আৰ্হিত কবিতা পুথিখন ৰচনা কৰা হৈছ । কবিতা পুথিখনৰ ভিতৰত নিলীম কুমাৰো আছে আৰু উৰ্মি জুলি শইকীয়াও আছে । পুথিখন দুই ধৰণৰ কবি সত্বাৰ মাজত সংলাপ । নতুন অভিজ্ঞতা এখন গ্ৰন্থখনৰ মাজেৰে । পাঠকে আশা নকৰা ধৰণৰ সোৱাদ পাব বুলি তেওঁ মন্তব্য কৰে ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট কবি নীলিম কুমাৰে (Poet Nilim Kumar)কয়- "এয়া মোৰ প্ৰাপ্তি । মোৰ কবিতাই পাঠকক কবিতা লিখিবলৈ উদ্বুদ্ধ কৰিছে, এয়া মোৰ কবিতাৰ প্ৰাপ্তি । এই কবিতা গ্ৰন্থখনে পাঠকক নতুন ধৰণৰ সোৱাদ দিব । এই গ্ৰন্থখন সৃষ্টিশীলতাৰ নতুন দিশ । এইখন এখন একান্ত ব্যতিক্ৰমী গ্ৰন্থ। অসমত নহয় ভাৰতবৰ্ষতো এনেধৰণৰ গ্ৰন্থ প্ৰকাশ হোৱা নাই ৷" পৃথিৱীত হৈছে নে নাই সেয়া জ্ঞাত নহয় বুলি মন্তব্য কৰে ৷

গ্ৰন্থখনৰ জড়িয়তে পাঠক সমাজে নতুন সোৱাদ পাব বুলি আশাবাদী গ্ৰন্থখনৰ স্ৰষ্টা উৰ্মি জুলী শইকীয়া ৷ গ্ৰন্থখনত নিলীম কুমাৰৰ ৫২ টা কবিতাৰ লগতে লেখিকাৰ ৫২ টা কবিতা আছে ৷ গ্ৰন্থ উন্মোচনী সভাত মুখ্য বক্তা হিচাপে বিশিষ্ট সমালোচক অৰিন্দম বৰকটকী, নিৰ্দিষ্ট বক্তা বিশিষ্ট কবি এম কামালুদ্দিন আহমেদকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Surnandan Bharati art competition : সৰ্বভাৰতীয় পৰ্যায়ত উজলিল নগাঁৱৰ নির্মালী

Last Updated : Dec 11, 2022, 12:29 PM IST

ABOUT THE AUTHOR

...view details