অসম

assam

ETV Bharat / state

বিটিচিত হাগ্ৰামাই বিগত 17 বছৰে কেৱল দুৰ্নীতিহে কৰিলেঃ ইউপিপিএল

১৭ বছৰীয়া হাগ্ৰামাৰ শাসনকালত ২০০০ কোটি টকাৰ কেলেংকাৰীৰ সংঘটিত হ’ল ৷ ইয়াৰোপৰি ৪৫৭ কোটি মাত্ৰ ২.৫ বছৰত জব কাৰ্ড কেলেংকাৰী কৰি সম্পত্তিৰ পাহাৰ গঢ়িলে হাগ্ৰামাই ৷

By

Published : Dec 4, 2020, 8:26 PM IST

Updated : Jun 12, 2021, 11:53 AM IST

uppl-press-meet-at-guwahati-big-alligations-bpf
বিটিচিত হাগ্ৰামাই বিগত 17 বছৰে কেৱল দুৰ্নীতিহে কৰিলেঃ ইউপিপিএল

গুৱাহাটী,4 ডিচেম্বৰঃ হাগ্ৰামা শাসনৰ দুৰ্নীতিৰ খতিয়ান লৈ দিছপুৰ প্ৰেছ ক্লাবত UPPLৰ সংবাদমেল ৷ হাগ্ৰামাই কেৱলহ বিটিচিত দুৰ্নীতিহে কৰিলে ৷ ১৭ বছৰীয়া হাগ্ৰামাৰ শাসনকালত ২,০০০ কোটি টকাৰ কেলেংকাৰীৰ সংঘটিত হ’ল ৷ ইয়াৰোপৰি ৪৫৭ কোটি মাত্ৰ ২.৫ বছৰত জব কাৰ্ড কেলেংকাৰী কৰি সম্পত্তিৰ পাহাৰ গঢ়িলে হাগ্ৰামাই ৷ এই অভিযোগ UPPLৰ সম্পাদক কামাল আজানৰ ৷

ইপিনে ১৭ বছৰীয়া হাগ্ৰামা শাসনৰ সকলো কেলেংকাৰী সামৰি বিটিচিৰ ৰঞ্জন কুমাৰ বৰুৱা, নৰপতি ব্ৰহ্মই ইতিমধ্যে উচ্চ ন্যায়ালয়ত এখন PIL দাখিল কৰিছে । “হাগ্ৰামই মাত্ৰ ২.৫ বছৰত ৪ জিলাত এই বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে ৷ যোগানৰ ক্ষেত্ৰতো বিভিন্ন বিভাগত কেলেংকাৰী হৈছে বিটিচিত ৷ ১৫০০ কোটিৰ যোগানৰ কেলেংকাৰী হৈছে ৷ ভালকৈ তদন্ত হলে বহু ফাণ্ডত পৰিব । VCDC,TCLCC, শীৰ্ষ বিষয়া, যোগান কৰ্মচাৰী, ঠিকাদাৰ সকলো এই কেলেংকাৰী সৈতে জড়িত হৈ আছে” ৷ এই বিস্ফোৰক অভিযোগ কামাল আজানৰ ৷

লগতে পঢ়কঃ ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা

Last Updated : Jun 12, 2021, 11:53 AM IST

ABOUT THE AUTHOR

...view details