অসম

assam

ETV Bharat / state

Rajya Sabha Election: ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ প্ৰাৰ্থী ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী - UPPL Nominates Rwngwra Narzary For Rajya Sabha Polls

ৰাজ্যসভাত খালী হবলগীয়া দ্বিতীয়খন আসন বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিলে আৰু ইউ পি পি এলেও এইখন আসনৰ বাবে ৰণগৌৰা নাৰ্জাৰীক শণিবাৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে (UPPL Nominates Rwngwra Narzary For Rajya Sabha Polls) । সবিশেষ জানো আহক ৷

uppl leader Rangawra will be  rajya sabha candidate of bjp and allies
ৰাজ্যসভাঃ দ্বিতীয়খন আসনৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা

By

Published : Mar 19, 2022, 6:51 PM IST

গুৱাহাটী, ১৯ মাৰ্চ: ৰাজনৈতিক মহলত যোৱা সময়চোৱাত চলি থকা চৰ্চাকেই সত্য প্ৰমাণিত কৰি ৰাজ্যসভাত খালী হবলগীয়া দ্বিতীয়খন আসন বিজেপিয়ে মিত্ৰদল ইউ পি পি এলক এৰি দিলে আৰু ইউ পি পি এলেও এইখন আসনৰ বাবে ৰণগৌৰা নাৰ্জাৰীক শণিবাৰে প্ৰাৰ্থী হিচাপে ঘোষণা কৰিলে (UPPL Nominates Rwngwra Narzary For Rajya Sabha Polls) । প্ৰাক্তন এবছু নেতা ৰণগৌৰা নাৰ্জাৰীৰ নাম অৱশ্যে ৰাজ্যিক বিজেপিয়ে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰা তিনিজনীয়া প্ৰাৰ্থী পেনেলতো অন্তৰ্ভুক্ত হৈছিল ।

এতিয়া ৩১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ নিৰ্বাচনত (Upcoming Rajya Sabha election in Assam) বিজেপি আৰু মিত্ৰদল ইউ পি পি এলৰ প্ৰাৰ্থী হব ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী শিবিৰৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে পুণৰবাৰ ৰণত নামিব ৰিপুণ বৰা (Congress candidate Ripun Bora) । তিনিওখন আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২১ মাৰ্চ ।

ৰাজ্যসভাঃ দ্বিতীয়খন আসনৰ ইউ পি পি এলৰ প্ৰাৰ্থী ৰণগৌৰা

আনহাতে বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থী দুগৰাকীক অভিনন্দন জনাইছে ৰাজ্যিক বিজেপিয়ে । পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীক গতিশীলতাৰ প্ৰতিনিধি বুলি বিজেপিয়ে অভিহিত কৰিছে ।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই আজি কয় যে সমাজৰ বিবৰ্তন আৰু সময়ৰ পৰিবৰ্তনশীল স্বভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই ভাৰতীয় জনতা পাৰ্টিয়ে দলৰ কাৰ্য্যকৰ্তা আৰু নেতৃত্ব তৈয়াৰ কৰাত সদায় মনোনিবেশন কৰি আহিছে । ব্যাপক ৰাজনৈতিক কৰ্মসূচীৰ আধাৰত দলে কায্যৰ্কতা সকলক গতিশীল কৰি ৰাখে । নিৰ্বাচনী প্ৰচাৰ,জন সম্পৰ্ক,বৌদ্ধিক চৰ্চা আদিৰ মাধ্যমেৰে নতুন প্ৰগতিশীল যুৱ নেতৃত্ব তৈয়াৰ কৰাত দলে সৰ্বাধিক গুৰুত্ব দি আহিছে ।

অহা ৩১ মাৰ্চত অনুষ্ঠিত হবলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনতো দলে এনেবোৰ দিশকে প্ৰাধান্য দিছে । পবিত্ৰ মাৰ্ঘেৰিটাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰি দলৰ গতিশীলতা আৰু নেতৃত্ব তৈয়াৰ কৰা প্ৰক্ৰিয়াৰ এটি উৎকৃষ্ট উদাহৰণ দাঙি ধৰা হৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকীয়ে মত পোষণ কৰে ।

ঠিক একেদৰে মিত্ৰদল ইউ পি পি এলেও প্ৰাক্তন ছাত্ৰ নেতা ৰণগৌৰা নাৰ্জাৰীক ৰাজ্যসভাৰ দ্বিতীয় খন আসনৰ বাবে প্ৰাৰ্থী কৰি ৰাজ্যৰ ৰাজনীতিত নতুন প্ৰজন্মৰ অংশীদাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰা বুলি বিজেপি মুখপাত্ৰ জনে মতপোষণ কৰে । পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীৰ প্ৰাৰ্থীত্বই Rajya Sabha is a House of Seniors বুলি থকা ধাৰণাৰো অন্ত পেলোৱা বুলি বিজেপি মুখপাত্ৰ জনে উল্লেখ কৰে ।

ৰঞ্জীৱ কুমাৰ শৰ্মাৰ মতে ৰাজ্যসভাৰ প্ৰাৰ্থী দুজন অসমৰ গতিশীল নব প্ৰজন্মৰ প্ৰকৃত প্ৰতিনিধি । এন ডি এৰ দুযোজন প্ৰাৰ্থীৰ নিশ্চিত বিজয়ৰ কথা উল্লেখ কৰি বিজেপি মুখপাত্ৰ শৰ্মাই কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুণ বৰাক ব্যৰ্থ,ভাগৰুৱা, আৰু হতাশাগ্ৰস্ত বুলি বৰ্ণনা কৰে । বৰ্তমান সময়ত কংগ্ৰেছ দলত নতুনত্ব বুলিবলৈ একো নাই । গান্ধী-ৱাৰ্ডা পৰিযাল আৰু ৰাজ্যই ৰাজ্যই থকা তেওঁলোকৰ স্থাবক সকলক বাদ দি দলটোত আত্মসন্মান থকা এজনো লোক নাই বুলি বিজেপি মুখপাত্ৰ জনে কটাক্ষ্য কৰে ।

শৰ্মাৰ মতে কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুণ বৰা কেৱল স্তাবকেই নহয় আজমল বাহিনীৰ- 'দাঢ়ি টুপী বোৰ্খা আৰু লুঙী'ৰ- চৰকাৰ বনোৱা তত্ত্বৰো পৃষ্ঠপোষক । অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতি ভাবুকি সৃষ্টি কৰাত সদায় অৰিহণা যোগাই অহা আজমল বাহিনীৰ নেগুৰত ধৰাৰ বাহিৰে খিলঞ্জীয়া জনসাধাৰণৰ পৰা সম্পূৰ্ণ বিছিন্ন হৈ পৰা কংগ্ৰেছ দলৰ আন কোনো বিকল্পই নাই বুলি শৰ্মাই মত পোষণ কৰে ।
লগতে পঢ়ক :সাৱধান: আপোনাৰ ওচৰতো থাকিব পাৰে তিহাৰ জেলৰ কয়েদী

For All Latest Updates

ABOUT THE AUTHOR

...view details