গুৱাহাটী, 8 এপ্ৰিলঃ "শপতনামাত ভুল তথ্য দিয়া কুইন ওজা নিৰ্বাচিত হ'লেও কেনেদৰে আইন প্ৰণয়ন কৰিব ৷" এই মন্তব্য গুৱাহাটীৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ ৷ সোমবাৰে এক সংবাদমেলত বিজেপি প্ৰাৰ্থী কুইন ওজাক তীব্ৰ সমালোচনা কৰে হাজৰিকাই ৷ ইপিনে বিজেপি প্ৰাৰ্থীগৰাকীয়ে উপমন্যু হাজৰিকাক চিনি নাপায় বুলি কোৱা কথাষাৰে তেওঁৰ যোগ্যতাক প্ৰমাণ কৰিছে বুলিও কয় উপমন্যু হাজৰিকাই ৷
কুইন ওজাৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা
বিজেপি প্ৰাৰ্থীগৰাকীয়ে উপমন্যু হাজৰিকাক চিনি নাপায় বুলি কোৱা কথাষাৰে তেওঁৰ যোগ্যতাক প্ৰমাণ কৰিছে বুলিও কয় উপমন্যু হাজৰিকাই ৷ অসম আন্দোলনৰ জৰিয়তে ৰাজহুৱা জীৱন আৰম্ভ কৰা কুইন ওজাই অসম আন্দোলনৰ লগত জড়িত বিষয়সমূহক লৈ বিগত ছয় বছৰে মাত মাতি অহা উপমন্যু হাজৰিকাক চিনি নোপোৱাটোৱে তেওঁৰ বৌদ্ধিক দীনতাক উদঙাই দিয়া বুলি কয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷
কুইন ওজাৰ বিৰুদ্ধে সৰৱ উপমন্যু হাজৰিকা
অসম আন্দোলনৰ জৰিয়তে ৰাজহুৱা জীৱন আৰম্ভ কৰা কুইন ওজাই অসম আন্দোলনৰ লগত জড়িত বিষয়সমূহক লৈ বিগত ছয় বছৰে মাত মাতি অহা উপমন্যু হাজৰিকাক চিনি নোপোৱাটোৱে তেওঁৰ বৌদ্ধিক দীনতাক উদঙাই দিয়া বুলি কয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে ৷