নিউজ ডেস্ক, 26 জুলাই: অসম আৰক্ষীক সঞ্চালক প্ৰধান জি পি সিঙক সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনে অসম এৰাৰ বাবে হুংকাৰ দিয়াৰ পাচত পুনৰ তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে নিষিদ্ধ ঘোষিত সংগঠনটো ৷ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমৰ স্বাক্ষৰ সম্বলিত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীকৈ কেতবোৰ প্ৰশ্ন আলফা (স্বাঃ)ৰ ৷
উল্লেখ্য যে ৰাজ্যত সংঘটিত হোৱা ভুৱা এনকাউণ্টাৰ আৰু কিছু লোকক আলফা (স্বাঃ)ৰ লিংকমেন বুলি আটক কৰি গুলীচালনা কৰা সন্দৰ্ভত জি পি সিঙক সকীয়নি প্ৰদান কৰি আলফা (স্বাঃ)ই দুদিন পূৰ্বে এক বিজ্ঞপ্তি জাৰি কৰিছিল ৷ বিবৃতিৰ জৰিয়তে জি পি সিঙক অসম এৰাৰো হুংকাৰ দিছিল ৷
ইয়াৰ প্ৰত্যুত্তৰত জি পি সিঙে এনে বহু ভাবুকি পূৰ্বৰে পৰা পায় অহাৰ কথা উল্লেখ কৰি আলফা (স্বাঃ)ই বিবৃতিত তেওঁৰ নাম ভুল কৈ উল্লেখ কৰা বুলি সংবাদমাধ্যমৰ আগত সদৰী কৰিছিল ৷ লগতে অসমৰ উন্নয়নত বাধা প্ৰদান কৰা শক্তিৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি উল্লেখ কৰিছিল ৷ জি পি সিঙৰ এই প্ৰত্যুত্তৰৰ পাচতেই পুনৰ তেওঁৰ বিৰুদ্ধে সৰৱ হৈছে আলফা স্বাধীন ৷
বুধবাৰে আলফা (স্বাঃ)ই এক বিবৃতিযোগে কয়, ‘‘আমি আপোনাৰ নামটোৰ প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰাৰ বাবে আপুনি দুখ পাবলগীয়া একো নাই। কাৰণ আপোনাৰ নামটো হৈছে-জ্ঞানেন্দ্ৰ । অর্থাৎ জ্ঞানৰ অধিকাৰী বা জ্ঞানী। জ্ঞানী মানুহ জানো প্রতাপী হ'ব পাৰে? অসমীয়া ভাষাত জ্ঞানৰ পিছত প্ৰতাপ শব্দ ব্যৱহৃত নহয় ৷ প্ৰতাপ শব্দটো প্ৰকৃততে যুঁজাৰুসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা উচিত। কিন্তু আপোনাৰ শেহতীয়া কৰ্ম-কাণ্ডই আপোনাক জ্ঞানী অথবা যুঁজাৰু কোনোটো শাৰীতেই ৰখা নাই। সেয়েহে আমি ইচ্ছাকৃতভাৱে প্ৰতাপৰ সলনি প্ৰসাদ বুলি উল্লেখ কৰিছোঁ ৷’’
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসমৰ উন্নয়নৰ কথা উল্লেখ কৰা সন্দৰ্ভতো আলফা(স্বাঃ)ই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ৷ আলফা (স্বাঃ)ই বিবৃতিযোগে কয়, ‘‘সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নেতৃত্ব চলি থকা অসমৰ হৃত স্বাধীনতা পুনৰুদ্ধাৰৰ “সন্মিলিত জাতীয় মুক্তি বিপ্লৱ” অসমৰ উন্নয়নৰ বাবে নহয়। এই বিপ্লৱ অসমৰ থলগিৰি ৰাইজৰ জন্মগত [মাটি আৰু জাতিৰ ৰাজনৈতিক স্বাধীনতা] অধিকাৰৰ বাবেহে। অনাগত দিনত তথা স্বাধীনতা প্রাপ্তিৰ পিচত অসমৰ উন্নয়ন কিদৰে হ'ব সেয়া আমি জানো ৷ আপুনি কৈছে আমি অসমৰ উন্নয়ন হেঙাৰ ৷’’
অসমৰ আৰক্ষীয়ে বিভিন্ন দুৰ্নীতিত জড়িত থকা লোকক আৰক্ষীয়ে ৰক্ষণাৱেক্ষণ দি অহাৰো অভিযোগ উত্থাপন কৰিছে আলফা (স্বাঃ)ই ৷ আৰক্ষীৰ সৰ্বোচ্চ আসনত থাকিও আপুনি আজিলৈ নিশিকিলে সামৰিক অভিধানত Encounter শব্দৰ অৰ্থ কি বুলি জি পি সিঙক প্ৰশ্ন কৰি সংগঠনটোৱে ৰাজ্যত সংঘটিত হোৱা সকলো এনকাউণ্টাৰ শুদ্ধ বুলি প্ৰমাণ কৰিবলৈয়ো প্ৰত্যাহ্বান জনাই সংগঠনটোৱে ৷