অসম

assam

ETV Bharat / state

অধ্যক্ষই মাৰ্ছাল লগাই বিধানসভাৰ পৰা উলিয়ালে দুই কংগ্ৰেছ বিধায়কক

বৃহস্পতিবাৰে মাৰ্ছালৰ সহায়ত দুই কংগ্ৰেছ বিধায়কক অধ্যক্ষই বিধানসভাৰ পৰা বাহিৰ কৰি দিয়ে । অধ্যক্ষৰ এটা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল বিধায়ক দুগৰাকীয়ে ৷

updates of assam assembly session 2021
অধ্যক্ষই মাৰ্ছাল লগাই বিধানসভাৰ পৰা উলিয়ালে দুই কংগ্ৰেছ বিধায়কক

By

Published : Aug 5, 2021, 8:44 PM IST

গুৱাহাটী, ৫ আগষ্ট :অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এটা মাথো মন্তব্যই অস্থিৰ পৰিবেশৰ সৃষ্টি কৰিলে অসম বিধানসভাত । বৃহস্পতিবাৰে অসম বিধানসভাৰ অধ্যক্ষৰ মন্তব্য বিৰোধিতা কৰিবলৈ গৈ সদনৰ পৰা বাহিৰ হ'বলগীয়া কংগ্ৰেছৰ দুই বিধায়ক ৷ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মাৰ্ছালৰ সহায়ত সদনৰ পৰা বাহিৰ কৰে কংগ্ৰেছৰ দুই বিধায়কক ৷

বিশেষ এটা বিষয়ত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদন চলি থকা মাজতে কৈছিল বিধায়ক সকলৰ ব্যৱহাৰ উগ্ৰপন্থীতকৈও বেয়া । অধ্যক্ষগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰাৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় বিৰোধী বিধায়কসকলৰ মাজত ৷ বিধায়কসকলৰ অভিযোগ অনুসৰি এই মন্তব্যৰ জৰিয়তে অধ্যক্ষ গৰাকীয়ে বিধায়ক সকলক অপমান কৰিছে ৷

অধ্যক্ষ গৰাকীৰ এনে মন্তব্যক সহজভাৱে ল'ব পৰা নাই বিধায়ক সকলে ৷ আন আন বিধায়কৰ দৰে অধ্যক্ষগৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । সমান্তৰালভাৱে জাঙুৰ খাই উঠে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলো ।

লগতে পঢ়ক: কাক ‘উগ্ৰপন্থী’ সজালে বিধানসভাৰ অধ্যক্ষই ?

ইফালে, অধ্যক্ষ গৰাকীৰ উক্ত মন্তব্য বিৰোধিতা কৰি ক্ষুব্ধ বিৰোধী বিধায়কসকলে অধ্যক্ষৰ আসনৰ ওচৰলৈ উঠি আহি এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে । অসম বিধান সভাত এনে এক পৰিস্থিতি সৃষ্টি হয় যে অধ্যক্ষ গৰাকীয়ে বাৰম্বাৰ চেষ্টা কৰিও বিৰোধী পক্ষৰ বিধায়ক সকলক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় । পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰে ৷

অৱশেষত মাৰ্ছালৰ সহায়ত দুই কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু কমলাক্ষ দেৱ পুৰকায়স্থক অধ্যক্ষই বিধানসভাৰ পৰা বাহিৰ কৰি দিয়ে ৷ অৱশ্যে পৰৱৰ্তী সময়ত বিৰোধী আৰু শাসক পক্ষ উভয়ৰে বিধায়ক সকলৰ অনুৰোধত কংগ্ৰেছ বিধায়কদ্বয়ক পুনৰ সদনৰ বাকী কাৰ্যক্ৰমণিকাত ভাগ ল’বলৈ অনুমতি প্ৰদান কৰা হয় ।

লগতে পঢ়ক: শান্তিৰ বাৰ্তা লৈ চাৰ্টাৰ্ড বিমানেৰে অসমৰ দুই মন্ত্ৰী মিজোৰামত

ABOUT THE AUTHOR

...view details