অসম

assam

ETV Bharat / state

আন্টিমা গুপ্তা হত্যাকাণ্ড : অপৰাধ সংঘটিত কৰা সময়ৰ দৃশ্য পুনৰ ৰচনা

সোমবাৰে জিলা দণ্ডাধীশৰ উপস্থিতিত আন্টিমা গুপ্তাৰ বৰাগাঁওস্থিত বাসগৃহত হত্যাকাণ্ড সংঘটিত কৰা সময়ৰ দৃশ্য পুনৰ ৰচনা কৰা হয় । অভিযুক্ত দেৱযানী দাসক লগত লৈ সমগ্ৰ তথ্য সংগ্ৰহ কৰে গড়চুক আৰক্ষীয়ে । যোৱা ২০ অক্টোবৰত নৃশংসভাৱে হত্যা কৰা হৈছিল আন্টিমা গুপ্তাক ।

Update on Boragaon muder case
আন্টিমা গুপ্তাৰ হত্যাকাণ্ড

By

Published : Oct 25, 2021, 8:59 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ: গুৱাহাটীৰ বৰাগাঁৱৰ আণ্টিমা গুপ্তা হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াইছে গড়চুক আৰক্ষীয়ে । তদন্ত প্ৰক্ৰিয়াত সহায়ক হোৱাকৈ সকলো তথ্য় আৰক্ষীয়ে সংগ্ৰহ কৰিছে । সোমবাৰে জিলা দণ্ডাধীশ অনুৰাগ ৰুদ্ৰ আৰু ত্ৰিদীপ ৰয়ৰ উপস্থিতিত আন্টিমা গুপ্তাৰ বৰাগাঁওস্থিত বাসগৃহত হত্যাকাণ্ড সংঘটিত কৰা সময়ৰ দৃশ্য পুনৰ ৰচনা কৰা হয় । অভিযুক্ত দেৱযানী দাসক লগত লৈ আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰে ।

আন্টিমা গুপ্তা হত্যাকাণ্ড : অপৰাধ সংঘটিত কৰা সময়ৰ দৃশ্য পুনৰ ৰচনা

পুনৰ ৰচনা কৰা দৃশ্য ৰেকৰ্ডিং কৰাৰ পিছতেই দেৱযানী দাসক পুনৰ লৈ যোৱা হয় গড়চুক আৰক্ষী থানালৈ । মঙলবাৰে দেৱযানী দাসক পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব । তদন্তৰ খাতিৰত বিষদ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে জিলা দণ্ডাধীশ । আনহাতে, ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সত্যেন সিং হাজাৰীয়ে কয় যে, হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাস আৰু সন্তোষ গুপ্তাৰ মাজত কোনো যোগাযোগ নাছিল ।

দুয়োৰে মাজত থকা সম্পৰ্কৰ কোনো তথ্য পোহৰলৈ অহা নাই । আণ্টিমা গুপ্তা আৰু দেৱযানীৰ মাজত কিছু বাক-বিতণ্ডাৰ সৃষ্টি হোৱাৰ ফলতে কাজিয়াৰ সূত্ৰপাত হয় ।

দেৱযানী দাসে লোৰ এডাল লাঠিৰে আণ্টিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত তেওঁ গুৰুতৰভাৱে আহত হয় আৰু মৃত্যুক আঁকোৱালি লয় ৷ যোৱা ২০ অক্টোবৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল । আৰক্ষীয়ে ভাড়াতীয়াৰ পাকঘৰত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰিছিল মহিলাগৰ‍কীৰ মৃতদেহ । উক্ত দিনাই মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী সন্ধানহীন হোৱা বুলি গড়চুক আৰক্ষীক অৱগত কৰিছিল ।

উল্লেখ্য যে, শনিবাৰে দেৱযানী দাসক CJM আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ ইয়াৰ পাচতে সোমবাৰে আৰক্ষীয়ে দেৱযানী দাসক লগত লৈ হত্যাকাণ্ড সংঘটিত হোৱা স্থানত উক্ত দিনাৰ সমগ্ৰ দৃশ্য পুনৰ ৰচনা কৰে ।

লগতে পঢ়ক:অসম আৰক্ষীৰ নিয়োগ প্ৰক্ৰিয়াত দুৰ্নীতি : আটক 9

ABOUT THE AUTHOR

...view details