অসম

assam

By

Published : Oct 28, 2020, 2:29 PM IST

ETV Bharat / state

পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

চলিত শিক্ষা বৰ্ষত পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। ৩০% পাঠ্যক্ৰম কৰ্তনেৰে অনুষ্ঠিত মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকৰ।

পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা
পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা

গুৱাহাটী, ২৮ অক্টোবৰ: অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই জনাইছে যে, পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব চলিত শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা। অৱশ্যে, পৰীক্ষাৰ ফলাফল সময়মতে ঘোষণা কৰা হ'ব। মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি লকডাউন অব্যাহত থকাৰ বাবে শিক্ষাৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিলক্ষিত হৈছিল। ফলত চলিত শিক্ষা বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ্থীসকল আহুকালত পৰে।

সেয়ে, ৩০% পাঠ্যক্ৰম কৰ্তনেৰে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা কৰিছে ছেবাই। ইয়াৰ লগতে পূৰ্বৰ সময়তকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰো সময় পিছুৱাই দিছে । মঙলবাৰে নগাঁৱৰ জুৰীয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। উল্লেখ্য় যে, বিগত বৰ্ষত ১০ ফেব্ৰুৱাৰীত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছিল।

চলিত বৰ্ষত পৰীক্ষাৰ সময় পিছুৱাই দিলেও পৰীক্ষাৰ জ'ন সলনি কৰি ফলাফল সময়মতে ঘোষণা কৰা হ'ব বুলিও সদৰি কৰিছে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে। ২০২১ৰ ফেব্ৰুৱাৰীৰ শেষৰফালে অথবা মাৰ্চ মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।


লগতে পঢ়ক:ৰাষ্ট্ৰীয় শিল্পকলা ক্ষেত্ৰত জিলিকিছে মৰাণৰ এগৰাকী চিত্ৰশিল্পী

ABOUT THE AUTHOR

...view details