গুৱাহাটী , 11 জানুৱাৰী :খেল' ইণ্ডিয়াৰ তৃতীয় সংস্কৰণত অসমৰ হৈ জিমনাষ্টিকছত উপাশা তালুকদাৰে দুটাকৈ ব্ৰঞ্জ মেডেল লাভ কৰিবলৈ সক্ষম হয় ৷ উপাশা তালুকদাৰক অভিনন্দন জনালে অসম অলিম্পিক সন্থাই । শণিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় উপাশাই অসমৰ হৈ জিমনাষ্টিকছৰ নিচিনা এক কঠিন খেলত মেডেল লাভ কৰাটো অসমৰ বাবে গৌৰৱৰ বিষয়।
উপাশা তালুকদাৰক অভিনন্দন অসম অলিম্পিক সন্থাৰ - upasa talukdar
খেলো ইণ্ডিয়াৰ তৃতীয়টো সংস্কৰণত অসমৰ হৈ জিমনাষ্টিকছত দুটাকৈ মেডেল লাভ কৰা উপাশা তালুকদাৰক অভিনন্দন অসম অলিম্পিক সন্থাৰ। উপাশাৰ উন্নত প্ৰশিক্ষণৰ বাবে সকলো সুবিধা প্ৰদান কৰিব বুলি মন্তব্য অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ ।
![উপাশা তালুকদাৰক অভিনন্দন অসম অলিম্পিক সন্থাৰ upasa talukdar felicitated by assam olympic association](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5678086-thumbnail-3x2-bcvbvbvb.jpg)
উপাশা তালুকদাৰলৈ অভিনন্দন অসম অলিম্পিক সন্থাৰ
উল্লেখ্য যে, জিমনাষ্টিকছৰ ক্ষেত্ৰত খেলুৱৈ সকলৰ বাবে অসমত উন্নত প্ৰশিক্ষণৰ ব্যৱস্থা নথকাৰ ফলত উপাশাই পিতৃ-মাতৃৰ প্ৰচেষ্টাত এই সফল্য লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য লক্ষ্য কোঁৱৰৰ। উপাশাৰ সাফল্যই অসমত জিমনাষ্টিকছ ক্ৰীড়া লৈ এক সম্ভাৱনাৰ পথ মুকলি কৰিছে বুলিও মন্তব্য কৰে । 2024 আৰু 2028 ত হ'বলগীয়া অলিম্পিকৰ বাবে উপাশাক অসম অলিম্পিক সন্থাই উন্নত প্ৰশিক্ষণৰ সকলো কৰণীয় কৰিব বুলিও সংবাদ মেলত মন্তব্য কৰে লক্ষ্য কোঁৱৰে।
উপাশা তালুকদাৰলৈ অভিনন্দন অসম অলিম্পিক সন্থাৰ
আৰু পঢ়ক : গুৱাহাটীত আৰম্ভ খেল’ ইণ্ডিয়া ২০২০