অসম

assam

ETV Bharat / state

গৰুখুটিৰ উচ্ছেদ: মুখ্যমন্ত্ৰীক উভতি ধৰিলে উপমন্যু হাজৰিকাই - তৰুণ গগৈ

সোমবাৰে এক বিবৃতিত উপমন্যু হাজৰিকাই কয়, " প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব । সময়ত মিছা ধৰা পৰে আৰু সেয়াই হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দশা ।

Upamanyu Hazarika reacts to eviction of garukhuti
মুখ্যমন্ত্ৰীক উভতি ধৰিলে উপমন্যু হাজৰিকাই

By

Published : Sep 20, 2021, 6:43 PM IST

গুৱাহাটী, ২০ ছেপ্টেম্বৰ : বিধামসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই কোৱা কথা আৰু এতিয়া তেওঁৰ চৰকাৰখনে কৰি থকা কামৰ মাজত আকাশ পাতাল পাৰ্থক্য । এই অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ ।

সোমবাৰে এক বিবৃতিত হাজৰিকাই কয়, "প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কৈছিল যে মিছা ক'লে কি ডাল হ'ব । সময়ত মিছা ধৰা পৰে আৰু সেয়াই হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দশা । পবিত্ৰ বিধানসভাৰ মজিয়াত মিছা মাতি নিজকে ধৰা পেলালে ড৹ শৰ্মাই । যোৱা মাহত ডঃ শৰ্মাই ঘোষণা কৰিছিল যে ছিপাঝাৰৰ ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত হ'ল আৰু সেই একে এলেকাতে উচ্ছেদ কাৰ্য চলাই নিজৰেই ঘোষণা মিছা বুলি প্ৰমাণ দিলে ।

মুখ্যমন্ত্ৰীক উভতি ধৰিলে উপমন্যু হাজৰিকাই

জাতীয় অস্তিত্ব আৰু আবেগ লৈ খেলিব নালাগে । খেলিব নেপায় । বিগত ৮ ছেপ্টেম্বৰত চাৰিখন গাঁও পঞ্চায়তৰ ভুক্তভোগী লোকে (সানোৱা,গৰুখুটি,গণেশকুঁৰী আৰু বাজনা পথাৰ গাঁও পঞ্চায়ত) প্ৰদান কৰা স্মাৰক পত্ৰৰ তিনিটা দাবী চৰকাৰে পূৰণ কৰিব লাগিব বুলি কয় হাজৰিকাই ।

লগতে পঢ়ক:গাড়ীৰ লাইটৰ ভিতৰত লুকুৱাই ৩.৫ কোটি টকাৰ ড্ৰাগছ আনিলে মণিপুৰৰ সৰবৰাহকাৰীয়ে

"প্ৰথমতে, ৭৭৪২০ বিঘা ভূমি প্ৰকৃতাৰ্থত বেদখল মুক্ত কৰক । সেই এলেকাত আগতেও কেইবাবাৰো উচ্ছেদ অভিযান চলাইছে; কিন্তু কোনো ফলাফল অহা নাই । দ্বিতীয়তে, বেদখলমুক্ত কৰা ভূমি স্থানীয় লোকক কৃষি আৰু পশু পালনৰ বাবে চমজাই দিয়ক । তৃতীয়তে কৃষি প্ৰকল্প কেৱল স্থানীয় লোকক লৈ আগবাঢ়িব লাগে ৷" বিবৃতিটোত এইদৰে কয় উপমন্যু হাজৰিকাই ৷

ইতিমধ্যে অসমৰ ৰাইজে দেখিছে আমাৰ নেতা সকলে কথাৰে ফুলজাৰী মাৰে । গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই বোকাই পানীয়ে নামি ৰাইজৰ সেৱা কৰা দেখুৱাই নিজৰ ঢোল কোবাই । কিন্তু নিজৰ সমষ্টিত কন্যাকা কৃষি প্ৰকল্পটো ৰাজহুৱা বুলি ঠিকেই প্ৰচাৰ কৰে ।

প্ৰকৃতাৰ্থত সেইখন যে তেওঁৰ ব্যক্তিগত কৃষি প্ৰকল্প ব্যৱসায়, সেয়া প্ৰমাণ কৰিছে নির্বাচনী শপতনামাত দিয়া তথ্যত । তেওঁ আৰু তেওঁৰ পত্নীয়েই কণ্যাকা কৃষি প্ৰকল্পৰ ৭৫০ বিঘা মান মাটিৰ মালিক । উচ্ছেদ কাৰ্য আৰু কৃষি প্ৰকল্পৰ অগ্ৰগতিত চোকা দৃষ্টি ৰাখিবলৈ ছিপাঝাৰৰ ৰাইজক আহ্বান জনাই উপমন্যু হাজৰিকাই ৷

লগতে পঢ়ক:অখিল গগৈৰ বিৰুদ্ধে সৰৱ হোৱা কৃষক মুক্তিৰ দুই প্ৰাক্তন নেতা বিজেপিৰ এজেন্ট !

ABOUT THE AUTHOR

...view details