গুৱাহাটী, ১৯ নৱেম্বৰ:নিজৰ লক্ষত দৃঢ় হৈ থকাৰ বাবেই আজি দেশৰ কৃষক আন্দোলনসফল হ'ল । অসম আন্দোলনৰ দৰে এই কৃষক আন্দোলনৰ নেতা সকল বিক্ৰী নগ’ল বাবেই আজি কেন্দ্ৰীয় চৰকাৰে সেও মানিবলৈ বাধ্য হ'ল । এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । কৃষক আইন বাতিলৰ সিদ্ধান্ত চৰকাৰে শুকুৰবাৰে ঘোষণা কৰাৰ পিছতে এক বিবৃতি যোগে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উপমন্যু হাজৰিকাই ।
বিবৃতিটোত তেওঁ আৰু কয় যে, "স্বাৰ্থপৰ, প্ৰৱঞ্চক আৰু ক্ষমতালোভী নেতাৰ কাৰণেই অসম আন্দোলন বিফল হ’ল । কোনো বিদেশী নগ'ল । বৰং ১৯৭১ ৰ আগতকৈ পিছতহে বিদেশী বেছিকৈ আহি সংস্থাপিত হ'ল আৰু বৰ্তমানেও হৈয়েই আছে ।
আনফালে সম্পূৰ্ণ বহুমত থকা শক্তিশালী কেন্দ্ৰীয় চৰকাৰক উত্তৰ ভাৰতৰ কৃষক সকলে দৃঢ়তাৰে ৰ'দ, বতাহ, পুলিচৰ গুলি আৰু কোব নেওচি দুবছৰৰ ভিতৰতে তেওঁলোকৰ ন্যায় পূৰ্বক দাবী মনাবলৈ সক্ষম হ’ল । কৃষক আন্দোলনৰ সফলতাৰ কাৰণ হ'ল তেওঁলোক দৃঢ়তাৰে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নগ’ল ৷ বিশেষকৈ তেওঁলোকৰ নেতা সকলে নিজৰ স্থিতিক লৈ অটল থাকিল আৰু বিক্ৰী নগ'ল ৷ যাৰ বাবে তেওঁলোক সফল হ’ল ।
লগতে পঢ়ক :Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ