অসম

assam

ETV Bharat / state

প্ৰসংগ ভূমি নীতিঃ এইবাৰ পাটোৱাৰীক উভতি ধৰিলে উপমন্যু হাজৰিকাই

উপমন্যু হাজৰিকাই কয় যে, চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে সত্ৰসমূহ বেদখলমুক্ত কৰিছে, কিন্তু এখনো সত্ৰ সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা নাই । এলেঙী, বৰদোৱা আদিলৈ গ'লেই সত্যতা জল-জল পট-পট কৈ ওলাই পৰিব। লগতে তেওঁ বেদখলত থকা চৰকাৰী মাটি, PGR-VGR, চৰ চাপৰিৰ কথা মুখেৰে উচ্চাৰণেই নকৰিলে । তেওঁ কৈছে কাজিৰঙা বেদখলমুক্ত কৰিলে, কিন্তু আচলতে বেদখলমুক্ত নহয়, বেদখলকাৰীক স্থানান্তৰহে কৰিলে । গুৱাহাটীৰ ফালৰ পৰা গ'লে, আগতে বেদখল ৰাস্তাৰ বাওঁফালে কৰিছিল, কিন্তু এতিয়া বেদখলকাৰীক ৰাস্তাৰ সোঁফালে স্থানান্তৰ কৰি সকলো সা-সুবিধা দিছে ।

Chandra mohan patuwary
উপমন্যু হাজৰিকা

By

Published : Jul 4, 2020, 4:59 PM IST

Updated : Jul 4, 2020, 5:07 PM IST

গুৱাহাটী, ৪ জুলাইঃচন্দ্ৰমোহন পাটোৱাৰীৰ ভূমি নীতিক লৈ এইবাৰ উদ্যোগ মন্ত্ৰীগৰাকীক উভতি ধৰিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । শনিবাৰে এক ভিডিঅ' বাৰ্তাত তেওঁ কয় যে, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সংবাদ মেলে স্পষ্ট কৰিলে যে বিনাচৰ্তে নিজৰ ভূমিত উদ্যোগ স্থাপন কৰিলে ৩ বছৰলৈ কোনো নথি-পত্ৰ বা অনুমতি পত্ৰ নালাগে, কিন্তু ৩ বছৰ পিছত, ৬ মাহৰ ভিতৰত সকলো নথি-পত্ৰ, অনুমতি পত্ৰ সম্পূৰ্ণ কৰিব লাগিব । যদি স্থাপন হোৱা উদ্যোগ ৩ বছৰ পিছত বেআইনী প্ৰমাণিত হয় আৰু উদ্যোগ বন্ধই কৰিব লাগে, তেনেহলে নথি-পত্ৰ বিহীন উদ্যোগ স্থাপন কৰাৰ লাভ কি থাকিল ? ইয়াৰ পৰা এটা কথা স্পষ্ট যে, নথি-পত্ৰ বিহীনভাৱে স্থাপন কৰা উদ্যোগৰ প্ৰায়ভাগৰে জীৱনকাল মাত্ৰ ৩ বছৰ হ'ব । এনে অৱস্থাত কোনে উদ্যোগ স্থাপন কৰিবলৈ আগবাঢ়িব বুলি প্ৰশ্ন কৰে উপমন্যু হাজৰিকাই ৷ ইয়াৰোপৰি উদ্যোগ স্থাপন কৰিলেও পিছত শ'লঠেকত পৰিব বুলিও মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

ইয়াৰোপৰি, যদি ৩ বছৰৰ পিছত নথি-পত্ৰ/ অনুমতি পত্ৰ সম্পূৰ্ণ কৰিব লাগেই, আৰম্ভণিতেই সকলো ধৰণৰ নথি-পত্ৰৰ যোগাৰ কৰিলেহে উদ্যোগ স্থাপন কৰা জন সুৰক্ষিতহে হৈ থাকিব। মন্ত্ৰীয়ে কোৱা ধৰণে কোনো এটা উদ্যোগ স্থাপনৰ সময়ত ২৫-৩০ টা অনুমতি বিভিন্ন চৰকাৰী বিভাগৰ পৰা লব লাগে, যিটো এটা জটিল প্ৰক্ৰিয়া । উদ্যোগ স্থাপন কৰাৰ সময়ত যদি কোনো ধৰণৰ খুত ৰৈ যায়, তেতিয়াহলে ৩ বছৰৰ পাচত উদ্যোগ বন্ধ কৰিব লাগিব । যেনেকৈ ঘৰ এটা নথি-পত্ৰ, অনুমতি নোহোৱাকৈ নিজৰ মতে বনাই আৰু পিছলৈ যদি কিবা কাৰণত অনুমতি নাপাই, তেনেহলে ঘৰটো ভাঙি পেলাব লাগিব বুলি মন্তব্য কৰে জেষ্ঠ অধিবক্তাগৰাকীকয়ে ৷

লগতে পঢ়কঃপূৰ্ণ গতিত আগবাঢ়িছে ভোমোৰাগুৰিৰ দ্বিতীয়খন দলঙৰ কাম

লগতে মন্ত্ৰীগৰাকীয়ে খিলঞ্জীয়াৰ ভূমি আৰু অধিকাৰ সুৰক্ষিত কৰা বুলি দিয়া মন্তব্যটো সম্পূৰ্ণ মিছা বুলি মন্তব্য কৰে উপমন্যু হাজৰিকাই । তেওঁ কৈছে, খিলঞ্জীয়াৰ ভূমি অধিকাৰ সম্পূৰ্ণ অক্ষুন্ন থাকিব । কিন্তু আইনগত ভাবে অসমৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়াৰ হাতত নাই, নহ'লে ২১ ডিচেম্বৰ ২০১৯ তাৰিখে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত নললে হেঁ‌তেন যে ভূমি হস্তান্তৰ হ'ব কেবল খিলঞ্জীয়াৰ মাজত, যিটো এতিয়ালৈকে আইনত পৰিণত হোৱা নাই বুলি অৱগত কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

ইয়াৰোপৰি উপমন্যু হাজৰিকাই কয় যে, চন্দ্ৰমোহন পাটোৱাৰী কৈছে সত্ৰসমূহ বেদখলমুক্ত কৰিছে, কিন্তু এখনো সত্ৰ সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা নাই । এলেঙী, বৰদোৱা আদিলৈ গ'লেই সত্যতা জল-জল পট-পট কৈ ওলাই পৰিব। লগতে তেওঁ বেদখলত থকা চৰকাৰী মাটি, PGR-VGR, চৰ চাপৰিৰ কথা মুখেৰে উচ্চাৰণেই নকৰিলে । তেওঁ কৈছে কাজিৰঙা বেদখলমুক্ত কৰিলে, কিন্তু আচলতে বেদখলমুক্ত নহয়, বেদখলকাৰীক স্থানান্তৰহে কৰিলে । গুৱাহাটীৰ ফালৰ পৰা গ'লে, আগতে বেদখল ৰাস্তাৰ বাওঁফালে কৰিছিল, কিন্তু এতিয়া বেদখলকাৰীক ৰাস্তাৰ সোঁফালে স্থানান্তৰ কৰি সকলো সা-সুবিধা দিছে ।

উপমন্যু হাজৰিকা

বৰ্তমান পৰিস্থিতিত খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অনিবাৰ্য ভূমি আইন, ভূমি অধিকাৰ । ২১ ডিচেম্বৰ ২০১৯ তাৰিখে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিল যে, ভূমি হস্তান্তৰ হ'ব কেবল খিলঞ্জীয়াৰ মাজতহে, লগতে খিলঞ্জীয়াৰ কাৰনে চাকৰি , বাণিজ্যিক অনুজ্ঞা পত্ৰ আৰু সম্পদৰ সংৰক্ষণ থাকিব, যি কাৰ্যকৰী কৰিলেহে খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব । নহ'লে বাংলাদেশী আৰু বহিৰাগতই সম্পূৰ্ণ ভূমি আমাৰ পৰা কাঢ়ি নিব আৰু APWৰ অভিজিত শৰ্মাই দেখুৱাই দিয়াৰ দৰে কিকি আৰু ধনুকাৰ দৰে মানুহে বেপাৰ বাণিজ্য কৰি দুৰ্নীতি কৰিয়েই থাকিব বুলি মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ।

Last Updated : Jul 4, 2020, 5:07 PM IST

ABOUT THE AUTHOR

...view details