অসম

assam

ETV Bharat / state

ৰাজপথত আন্দোলন কৰিলে নহ'ব আন্দোলন নেতাকেন্দ্ৰীক হ'ব লাগিবঃ উপমন্যু হাজৰিকা - জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা

উপমন্যু হাজৰিকাৰ সংবাদমেল সম্বোধন ৷ উপমন্যু হাজৰিকাৰ ভাষ্য "অসমত আন্দোলনে কেৱল নেতাৰ সৃষ্টি কৰিছে ।"

upamanyu hazarika pressmeet
উপমন্যু হাজৰিকাৰ সংবাদমেল স

By

Published : Jan 4, 2020, 7:35 PM IST

গুৱাহাটী, 4 জানুৱাৰীঃ গুৱাহাটীত শনিবাৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদমেল । প্ৰব্ৰজন বিৰোধী মঞ্চৰ হৈ সংবাদমেল সম্বোধন কৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই । উপমন্যু হাজৰিকাৰ ভাষ্য "অসমত আন্দোলনে কেৱল নেতাৰ সৃষ্টি কৰিছে। খিলঞ্জীয়াৰ প্ৰথম শত্ৰু নেতাসকল । খিলঞ্জীয়াই আন্দোলন কৰি শ্বহীদ হ'ল কিন্তু বিনা আন্দোলনে অতীজৰ পৰা উপকৃত হৈ আহিছে বিদেশী ।"

উপমন্যু হাজৰিকাৰ সংবাদমেল সম্বোধন

নাগৰিকত্ব প্ৰদানৰ ভিত্তিবৰ্ষ 1951 কৰাৰ দাবীৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ এশ শতাংশ পুনৰীক্ষণৰ দাবী উপমন্যু হাজৰিকাৰ । উপমন্যু হাজৰিকাই সংবামাধ্যমৰ আগত কয় যে, "উত্তৰ পূৰ্বাঞ্চলৰ চুবুৰীয়া ৰাজ্যৰ পৰা বহু শিকিব লগা আছে অসমে । খিলঞ্জীয়াই ভোট দি নেতাসকলক নিৰ্বাচন কৰে আৰু সেই নেতাই খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰে । 40 বছৰৰ পিছত নেতাকেন্দ্ৰীক আন্দোলন হৈছে ৷ নেতাসকল শংকিত হৈছে । কেৱল ৰাজপথত আন্দোলন কৰিলে নহ'ব আন্দোলন নেতাকেন্দ্ৰীক হ'ব লাগিব ।" লগতে জয়ন্ত মল্ল বৰুৱা আৰু ৰঞ্জিত দাসৰ কথাৰ প্ৰত্যুত্তৰত উপমন্যু হাজৰিকাই কয় যে, "কুৰুৱা অঞ্চলৰ বেদখল ভূমি কংগ্ৰেছৰ দিনত প্ৰায় 78 হাজাৰ বিঘা আছিল কিন্তু বিজেপি চৰকাৰৰ দিনত সেয়া 23 হাজাৰ বিঘা বুলিহে ঘোষণা কৰিলে বিজেপি চৰকাৰে । গতিকে কুৰুৱা অঞ্চলৰ চাচা চাচি সকলক কাপোৰ পিন্ধাই বিজেপিয়ে লৈ যায় নৰেন্দ্ৰ মোডীৰ মিটিঙলৈ ৷ এইসকলক লগতে কেৱল বিকল্প ৰাজনৈতিক দল নহয় বিকল্প নেতাসকলক এক নীতিৰ মাজেৰে আগবাঢ়িবলৈ বাধ্য কৰিব লাগিব অসমৰ জনতাই ৷" এই কথা স্পষ্ট ৰূপত সংবামাধ্যমৰ আগত জানিবলৈ দিয়ে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

লগতে পঢ়কঃ কাজিৰঙাত আশাৰ বতৰা : হ্ৰাস পাইছে গঁড় হত্যা !

ABOUT THE AUTHOR

...view details