অসম

assam

ETV Bharat / state

NRC: উপমন্যু হাজৰিকাৰ বিস্ফোৰণ

খচৰা প্ৰকাশ হোৱাৰ পৰা চুড়ান্ত NRC প্ৰকাশ হোৱা লৈকে সমগ্ৰ ১৩মাহ সময় কোনেও NRC বিসংগতি লৈ ন্যায়ালয়ত কোনো শপতনামাই দাখিল নকৰিলে । কেৱল অসম প্লাৱিক ওৰ্কচ শপতনামা দাখিল কৰিলে । ফলত এনে পৰিস্থিতিত হাজেলাই ন্যায়ালয়ক যি জনাব সেয়াই একমাত্ৰ তথ্য হিচাপে পৰিচিত হ'ল।

NRC এতিয়া ঘাটমাউৰা !

By

Published : Oct 24, 2019, 7:57 PM IST

গুৱাহাটী, ২৪ অক্টোবৰঃ NRC এতিয়া ঘাটমাউৰা। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰি তেওঁ কয় যে, শাসকীয় দল বিজেপিৰ তৰফৰ পৰা শেহতীয়া ভাৱে NRC ৰ বিফলতাৰ দোষী সজাবলৈ উচ্চতম ন্যায়ালয় আৰু সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে বহুল প্ৰচাৰ চলোৱা হৈছে । নাগৰিকত্ব আইনৰ অধীনত NRC ৰ সম্পন্ন কৰাৰ দায়িত্ব চৰকাৰৰ । তাত ন্যায়ালয়ৰ কোনো ভূমিকা নাই। তেতিয়াৰ কংগ্ৰেছ চৰকাৰখনে নিজৰ দায়িত্বক অৱহেলা কৰাৰ বাবেই APW ৰ আবেদনত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিলে । য'ত সময়সীমা বান্ধি দিয়া হল আৰু লগতে প্ৰায় মাহে মাহে শুনানিৰ জড়িয়তে NRCৰ অগ্ৰগতিৰ বিষয়ে জনোৱা হ'ল। সেই শুনানিত চৰকাৰৰ ওপৰিও আছু আৰু বিভিন্ন দল সংগঠনেও প্ৰতিনিধিত্ব কৰিছিল ।
যিসকলে এতিয়া হাজেলা আৰু উচ্চতম ন্যায়ালয়ক দোষী সাব্যস্ত কৰিছে। NRC প্ৰক্ৰিয়া চলি থকা সময়ত বহুখিনি বিসংগতি আৰু প্ৰৱঞ্চনা দৈনিক সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । কিন্তু সেইবিষয়সমূহ সেইসময়ত হাজেলাই ন্যায়ালয়ক অৱগত নকৰিলে লগতে আন আন পক্ষইও অৱগত নকৰিলে । ৩১জুলাই ২০১৮ ত খচৰা প্ৰকাশ হোৱাৰ লগে লগে ২৬ আগষ্ট ২০১৮ত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ ১০শতাংশ পুনৰীক্ষণৰ নিৰ্দেশ দিলে । কিন্তু হাজেলাই নিৰ্দেশ পালন নকৰি ন্যায়ালয়ক ২৭শতাংশ পুনৰীক্ষণ কৰা হৈছে বুলি ভুল তথ্য দিলে ।কিন্তু ইয়াৰ কোনেও প্ৰতিবাদ নকৰিলে ।

খচৰা প্ৰকাশ হোৱাৰ পৰা চুড়ান্ত NRC প্ৰকাশ হোৱা লৈকে সমগ্ৰ ১৩মাহ সময় কোনেও NRC বিসংগতি লৈ ন্যায়ালয়ত কোনো শপতনামাই দাখিল নকৰিলে । কেৱল অসম প্লাৱিক ওৰ্কচ শপতনামা দাখিল কৰিলে । ফলত এনে পৰিস্থিতিত হাজেলাই ন্যায়ালয়ক যি জনাব সেয়াই একমাত্ৰ তথ্য হিচাপে পৰিচিত হ'ল।

NRC এতিয়া ঘাটমাউৰা !
আনহাতে এই সম্পূৰ্ণ সময়চোৱাত চৰকাৰ আৰু শাসকীয় দলৰ নেতাসকলে সংশোধনী বিধেয়ক আনিবলৈহে জোৰদাৰ প্ৰস্তুতি চলালে। কিয়নো হিন্দু বাংলাদেশী NRC ৰ পৰা বাদ পৰিছে, সেয়েহে তেওঁলোকক অন্তৰ্ভুক্ত কৰিবলৈহে যো-জা চলালে। আনফালে যে, বাংলাদেশী NRC ত অন্তৰ্ভুক্ত হল ,সেই লৈ তেওঁলোকে কোনো তৎপৰতা বা আগ্ৰহ নেদেখুৱালে। যোৱা ৪০ বছৰে বিদেশী খেদিবলৈ যিসকল নেতাই দায়িত্ব লৈছিল, সকলো এই চৰকাৰ আৰু আছুৰ অংশীদাৰ কিন্তু তেওঁলোকে কোনেও NRC ৰ বিফলতাৰ দায়িত্ব লবলৈ আগবাঢ়ি নাহিল ৷ NRC ৰ খচৰা প্ৰকাশৰ পিছত মুখ্যমন্ত্ৰী সোনোৱালে NRC খনক অসমীয়া জাতিৰ অস্তিত্বৰ দলিল বুলি কৈছিল । আছু নেতৃত্বতই মিঠাই খাই উদযাপন কৰিছিল । পাছত যেতিয়া দেখিলে যে ৰাইজ সন্তুষ্ট নহ'ল, তেওঁলোকে সুৰ সলালে । যদি প্ৰকৃততে বিদেশী চিনাক্তকৰণৰ নেতৃত্বত লৈছিলেই তেনেহ'লে তেওঁলোকে সঠিক দিশ দেখুওৱাব লাগিছিল আৰু শুদ্ধ NRC প্ৰকাশৰ দায়িত্ব ল'ব লাগিছিল । আমাৰ নেতাই নেতৃত্ব লয় কেৱল কৃতিত্বৰ বাবে, দায়িত্ব লবলৈ নহয় আৰু সেইকাৰণে অসম আন্দোলন আজি বিফল হৈছে। যদি প্ৰকৃততে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি নিজৰ ভুল মানিলেহেতেন, তেনেহলে তেওঁলোকে সমাধানৰো পথ বিচাৰিলেহেতেন।

ABOUT THE AUTHOR

...view details