অসম

assam

ETV Bharat / state

কলাক্ষেত্ৰত উন্মোচন "চৰৈৱেতি চৰৈৱেতি" - assam news

ইতিমধ্যে অসমীয়াকে ধৰি 13 টা ভাষাত অনুবাদ হৈছে এই গ্ৰন্থখন । চানক্য বাৰ্তা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থ খনৰ অনুবাদকৰ দায়িত্বত আছিল লিখক অৰূপজ্যোতি বৰা

কলাক্ষেত্ৰত উন্মোচন উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ "চৰৈৱেতি চৰৈৱেতি"

By

Published : Jul 6, 2019, 11:08 PM IST

গুৱাহাটী, 6 জুলাইঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শনিবাৰে উন্মোচন কৰা হয় উত্তৰ প্ৰদেশৰ ৰাজ্যপাল ৰাম নাইকৰ ৰচিত জীৱনীমূলক গ্ৰন্থ "চৰৈৱেতি চৰৈৱেতি"ৰ অসমীয়া সংস্কৰণ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম তথা মিজোৰামৰ ৰাজ্যপাল জগদীশ মুখী আৰু বিশিষ্ট সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীচ । উল্লেখ্য যে, ইতিমধ্যে অসমীয়াকে ধৰি 13 টা ভাষাত অনুবাদ হৈছে এই গ্ৰন্থখন । চানক্য বাৰ্তা প্ৰকাশন গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা এই গ্ৰন্থখনৰ অনুবাদকৰ দায়িত্বত আছিল লিখক অৰূপজ্যোতি বৰা । ২৮২ পৃষ্ঠা সম্বলিত গ্ৰন্থখনিৰ বজাৰ মূল্য ৫০০ টকা ধাৰ্য্য কৰা হৈছে বুলি জানিবলৈ দিয়ে ৰাজ্যপাল ৰাম নাইকে । লগতে গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক শ্যাম প্ৰসাদ মুখাৰ্জীৰ জন্মদিন উপলক্ষে তেওঁক বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

কলাক্ষেত্ৰত উন্মোচন উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ "চৰৈৱেতি চৰৈৱেতি"

ABOUT THE AUTHOR

...view details