গুৱাহাটী, 19 নৱেম্বৰ: অসম সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে গুৱাহাটীৰ সাহিত্য সভাৰ কাৰ্যালয়ৰ সভাকক্ষত সাহিত্য সভাই প্ৰকাশ কৰা তিনিখন গ্ৰন্থ উন্মোচন কৰা হয় । লগতে অনুষ্ঠিত কৰা হয় সাহিত্য সভাৰ স্বদেশ-স্বাভিমানঃ দ্বিতীয় অধ্যায়ৰ অনুষ্ঠান । এই অনুষ্ঠানত প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে সম্পাদনা কৰা ৰহস্য গল্প, ডঃ ৰধুনাথ কায়য়ুঙৰ ঐতিহ্যৰ পোহৰত মিচিং লোক সাহিত্য আৰু ডঃ নমিতা ডেকাই সম্পাদনা কৰা কামৰূপীয়া সংস্কৃতিৰ ৰূপৰেখা শীৰ্ষক গ্ৰন্থকেইখনো উন্মোচন কৰা হয় ।
সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৰহস্য গল্প, বিশিষ্ট সাংবাদিক মুনীন বায়নে কামৰূপীয়া সংস্কৃতিৰ ৰূপৰেখা আৰু বিশিষ্ট লেখক ধৰ্মকান্ত মিলিয়ে ঐতিহ্যৰ পোহৰত মিচিং লোক সাহিত্য গ্ৰন্থখনো উন্মোচন কৰা হয় । ইপিনে স্বদেশ- স্বভিমানঃ দ্বিতীয় অধ্যায় অনুষ্ঠানত কৌশিক কিৰণ হাজৰিকাই অসমৰ অৰ্থনীতিত জাতীয়তাবাদ, সব্যসচী দাসে অসমৰ ধানখেতি, অভিজিৎ বৰাই অসমত গ্ৰন্থমেলা, দেৱানিত দত্তই অসমীয়া শিশু সাহিত্য, নৱাৰুণ কাশ্যপে ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অন্যন্যা শইকীয়াই নব্য মাধ্যমত ন-সাজেৰে অসমীয়া সাহিত্য বিষয়ত বক্তৃতা প্ৰদান কৰে ।