অসম

assam

By

Published : Jun 1, 2020, 9:36 PM IST

ETV Bharat / state

আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা

সোমবাৰে আনল'ক ১ৰ বাবে চৰকাৰে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানত স্বাস্থ্য বিধি আৰু সামাজিক দুৰত্ব বজাই চলাটো বাধ্যতামূলক কৰিছে প্ৰশাসনৰ লোকে ৷

Unlock-1 new guedline from goverment
আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা

গুৱাহাটী, 1 জুন : দীঘলীয়া লক ডাউন সমাপ্তিৰ পিছত পৰ্যায়ক্ৰমে আৰম্ভ হৈছে আনল'ক । ভাৰত চৰকাৰে ইতিমধ্যে আনল'ক ১ ঘোষণা কৰাৰ পিছত সোমবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰাও প্ৰকাশ কৰা হয় নতুন নীতি নিৰ্দেশনা ।

আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা

জনতা ভৱনৰ বিষয়া কৰ্মচাৰীৰ বাবে সচিবালয় প্ৰশাসন বিভাগে আজি জাৰি কৰিছে আনল'ক ১ ৰ নিৰ্দেশনা । নিৰ্দেশনা অনুসৰি,

  • ১ জুনৰ পৰা ৩০ জুনলৈকে সচিবালয়ৰ সকলো কৰ্মচাৰী সপ্তাহটোৰ প্ৰতিটো দিনেই কাৰ্যালয়লৈ আহিব লাগিব ।
  • পাঁচ বছৰ বয়সৰ তলৰ সন্তান থকা মহিলা বা গৰ্ভৱতী মহিলাই ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷
  • সকলো কৰ্মচাৰীয়ে কভিড-19 ৰ সকলো নীতি-নিৰ্দেশনা মানি চলিব লাগিব ৷
    আনল'ক ১ঃ ৰাজ্য চৰকাৰৰ নতুন নীতি নিৰ্দেশনা ঘোষণা

ইফালে, আনল'ক ১ৰ বাবে ৰাজ্যজুৰি সকলো লোকে মানি চলিব লগীয়া নতুন নীতি নিৰ্দেশনা আজি জাৰি কৰিছে দুৰ্যোগ ব্যৱস্থাপনা বিভাগে । সেই নিৰ্দেশনা অনুসৰি,

  • ৮ জুনৰ পৰা ৰাজ্যৰ সকলো ধৰ্মীয় অনুষ্ঠানত একেলগে ২০ জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ।
  • ধৰ্মীয় স্থানসমূহত দৰ্শনাৰ্থীৰ প্ৰৱেশৰ সময়ত কাগজৰ টোকেন ব্যৱহাৰ কৰিব লাগিব ৷
  • হোটেল,ৰেষ্টুৰেন্ট আদিত একে সময়ত ৫০ শতাংশ গ্ৰাহকহে প্ৰৱেশ কৰিব পাৰিব ৷
  • স্ব'পিং ম'ল সমূহে সামাজিক দুৰত্বৰ বিধান মানি চলিব লাগিব ।
  • চিনেমা আদিৰ শ্বুটিংৰ ক্ষেত্ৰত সামাজিক দুৰত্ব মানি চলিব লাগিব ।
  • যোগ,ব্যায়াম আদিৰ ক্ষেত্ৰতো ৰাজহুৱা স্থান সমূহত সামাজিক দূৰত্ব ৰক্ষা কৰিব লাগিব ।
  • চেলুন,বিউটি পাৰ্লাৰ আদি খুলিব পাৰিব যদিও সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক, গ্ল'ভছ আদি পৰিধান কৰাটো বাধ্যতামূলক ৷

লগতে পঢ়ক : ৬ জুনত ঘোষণা কৰিব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল

ABOUT THE AUTHOR

...view details