গুৱাহাটী, ২৬ অক্টোবৰ :আগন্তুক লোকসভা নিৰ্বাচনত আসন বুজাবুজি কৰাৰ বাবে আজি (বৃহস্পতিবাৰ) বিয়লি বৈঠকত মিলিত হ’ব বিৰোধী ঐক্য মঞ্চ । বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত ঐক্যবদ্ধ হৈছে ১২ টাকৈ বিৰোধী ৰাজনৈতিক দল । গঠন কৰা হৈছে বিৰোধী ঐক্য মঞ্চ ।
ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ কেইবালানি আলোচনা অনুষ্ঠিত হৈছে যদিও আসন ভাগ-বাটোৱাৰাক লৈ হোৱা নাই কোনো ধৰণৰ আলোচনা । যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্য মঞ্চৰ মাজত অবিশ্বাস-অনিশ্চয়তাই গা কৰি উঠিছে । বিশেষকৈ কংগ্ৰেছৰ ১৪ টা সমষ্টিৰ বাবে ৮৪ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাচতেই বিৰোধী ঐক্যত সন্দেহৰ বাতাবৰণ গঢ় লৈ উঠিছিল ।
ইফালে প্ৰতিটো দলেই নিজাববীয়াকৈ নিৰ্বাচনী ৰণৰ বাবে প্ৰস্তুতি চলাই আহিছে । লগতে বিৰোধী ঐক্যৰ কেইবাটাও দলে নিজাকৈ প্ৰাৰ্থী তালিকাও প্ৰস্তুত কৰিছে । কংগ্ৰেছৰ নেতৃত্বত ১২ টাকৈ বিৰোধী দল ঐক্যবদ্ধ হৈছে যদিও আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে তেওঁলোকে কোনো ধৰণৰ উমৈহতীয়া কাৰ্যসূচী এতিয়ালৈকে গ্ৰহণ কৰা নাই । তেনে পৰিপ্ৰেক্ষিতত বিৰোধী ঐক্য মঞ্চৰ আজিৰ বৈঠকখন বিশেষ তাৎপৰ্যপূৰ্ণ হ'ব বুলি বিবেচনা কৰা হৈছে ।
আজি বিয়লি ২ বজাত গুৱাহাটীৰ হোটেল লিলিত অনুষ্ঠিত হ'বলগীয়া বৈঠকত বিৰোধী ১২ টা ৰাজনৈতিক দলৰ নেতৃত্বই অংশ গ্ৰহণ কৰিব । উল্লেখ্য যে, কংগ্ৰেছৰ উদ্যোগত ঐক্যবদ্ধ হোৱা ১২ টা বিৰোধী দলত আছে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, জাতীয় দল-অসম, তৃণমূল কংগ্ৰেছ, চি পি আই, চি পি আই এম, আঞ্চলিক গণ মৰ্চা, ৰাষ্ট্ৰবাদী কংগ্ৰেছ পার্টী, আম আদমি পার্টী, চি পি আই (এম এল), ৰাষ্ট্ৰীয় জনতা দল আৰু জনতা দল (ইউ) ।