অসম

assam

By

Published : May 10, 2023, 9:57 PM IST

ETV Bharat / state

United Manipuri Association press meet: মণিপুৰত শান্তিপূৰ্ণ অৱস্থা ঘূৰাই আনিবলৈ আহ্বান উমাৰ

মণিপুৰত ইন্টাৰনেট কৰ্তন কৰাৰ লগতে খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ সংযুক্ত মণিপুৰী সন্থা, অসম চমুকৈ উমাৰ (United Manipuri Association press meet) ৷

United Manipuri Association press meet
মণিপুৰত শান্তিপূৰ্ণ অৱস্থা ঘূৰাই আনিবলৈ আহ্বান উমাৰ

মণিপুৰত শান্তিপূৰ্ণ অৱস্থা ঘূৰাই আনিবলৈ আহ্বান উমাৰ

গুৱাহাটী, ১০ মে’ : হিংসাজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে সংযুক্ত মণিপুৰী সন্থা ,অসম চমুকৈ উমাই (United Manipuri Association press meet)। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি উমাৰ উপদেষ্টা তথা প্ৰাক্তন বিধায়ক কাৰ্তিক সেনা সিনহাই কয়, ‘‘শেহতীয়াকৈ মণিপুৰত হৈ থকা হিংসাত্মক ঘটনাত দুই হাজাৰতকৈ অধিক বাসগৃহ জ্বলি ছাঁই হোৱাৰ লগতে অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে । ফলত সমগ্ৰ মণিপুৰতে এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে (UMA Urge Centre to establish peace in Manipur)। শান্তি প্ৰিয় মণিপুৰত সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে মণিপুৰ চৰকাৰোক আমি আহ্বান জনাইছোঁ ৷’’

তেওঁ লগতে কয় যে, সংবাদ মাধ্যম বা চৰকাৰে যেনে ধৰণে ঘটনাটোক উপস্থাপন কৰিছে প্ৰকৃততে তেনে নহয়, কিয়নো মণিপুৰী জাতিটো শান্তি প্ৰিয় জাতি । মণিপুৰী মানুহে আনক হিংসা নকৰে । কিন্তু এই ঘটনাটো সংঘটিত হোৱাৰ পিছত এনেকুৱা দেখুওৱা হৈছে যে কুকি আৰু মেইটেই জাতি দুটাই গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰি হিংসাত্মক পৰিৱেশ গঢ়ি তুলিছে ।

খিলঞ্জীয়া মণিপুৰীৰ মৌলিক অধিকাৰ, অস্তিত্ব আৰু সংস্কৃতি শেষ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে তাক ৰোধ কৰাৰ বাবে উমাই দাবী জনায়। মণিপুৰৰ ঘটনা সন্দৰ্ভত উমাৰ কেন্দ্ৰীয় সমিতিয়ে গুৱাহাটীত এখন সভা আয়োজন কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । সভাৰ অন্তত গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল আয়োজন কৰি মণিপুৰত ইন্টাৰনেট কৰ্তন কৰাৰ লগতে খাদ্য সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷

উল্লেখ্য যে, যোৱা 3 মে’ত মণিপুৰৰ চুৰাচান্দপুৰ, ইম্ফল, কেপিআইৰ অঞ্চলত সৃষ্টি হৈছিল হিংসাত্মক পৰিস্থিতিৰ (Manipur violence update)৷ এই ঘটনাত প্ৰায় 54 জন নিৰীহ লোকে প্ৰাণ হেৰুৱাৰ লগতে ২৩১ জন লোক আঘাতপ্ৰাপ্ত হৈছে আৰু প্ৰায় ১৭০০ ঘৰ জ্বলি গৈছে (Manipur violence news)।

লগতে পঢ়ক:Manipur Violence: ভয়ংকৰ নিস্তব্ধতাই বিৰাজ কৰিছে সংঘৰ্ষপীড়িত মণিপুৰত

চৰকাৰী তথ্য অনুসৰি এই ঘটনাৰ পিচৰ পৰা এতিয়ালৈ ৰাজ্যখনত ১৫৯৩ জন শিক্ষাৰ্থীসহ ৩৫,৬৫৫ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে হিংসাত উদগনি দিয়া ব্যক্তি/গোট আৰু দায়িত্ব পালন নকৰা চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ’ব বুলি জানিবলৈ দিছিল ৷

ABOUT THE AUTHOR

...view details