স্পৰ্টছ ডেস্ক, 24 জুনঃ ক্ৰীড়া ক্ষেত্ৰৰ অন্যতম অগ্ৰণী অনুষ্ঠান ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে সোমবাৰে ঘোষণা কৰিলে অসমৰ তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ।
তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ঘোষণা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ - 2018
ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে ঘোষণা কৰিছে তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ৷ 2018 ৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ শ্বুটাৰ হৃদয় হাজৰিকাৰ, শ্ৰেষ্ঠ ক্ৰীড়া প্ৰম'টাৰ নবাব আলী, শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষক গনেশ ৰায় ৷
![তৃতীয় বৰ্ষৰ ক্ৰীড়া বঁটা ঘোষণা ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3647906-911-3647906-1561372144741.jpg)
2018 বৰ্ষৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বাচনি কৰা হৈছে শ্বুটাৰ হৃদয় হাজৰিকাক ৷ লগতে‘শ্ৰেষ্ঠ প্ৰতিভাৱান খেলুৱৈ’ৰ বঁটা দিয়া হ’ব শ্বাটলাৰ অস্মিতা চলিহাক ৷ ইয়াৰ উপৰিও নবাব আলীক‘শ্ৰেষ্ঠ ক্ৰীড়া প্ৰম'টাৰ’ আৰু‘শ্ৰেষ্ঠ ফুটবল প্ৰশিক্ষক বঁটা’ প্ৰদান কৰা হ’ব গনেশ ৰায়ক ৷
এই বঁটা সমূহ অহা 26 জুনত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব । এই অনুষ্ঠানতে ক্ৰীড়াৰ ক্ষেত্ৰত খ্যাতি অৰ্জন কৰা অন্য 11 গৰাকী অসমৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো সম্বৰ্ধনা জনাব ইউনাইটেড ব্ৰাডাৰ্চ ক্লাৱে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে ক্লাৱটোৰ উদ্যোক্তা সকলে । সংবাদমেলত উপস্থিত থাকে নীলয় ভট্ট, গোপাল জালান, ধীৰাজ দত্তকে ধৰি বিষয়ববীয়া সকল ।