গুৱাহাটী, ১০ ডিচেম্বৰ : তিনিদিনীয়া ভ্ৰমণসূচীৰে গোৱাত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শ্বহীদ দিৱস উপলক্ষে গোৱাৰ পাঞ্জিমত আয়োজিত স্মৃতি তর্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰে (Swahid Divas in Goa) । আছাম ছ'চাইটী অব গোৱাৰ (Assam Society of Goa organised swahid divas) সহযোগত আয়োজন কৰা শ্বহীদ দিৱসৰ অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্বহীদ বেদীত শ্রদ্ধাঞ্জলি অর্পণ কৰে (Sarbananda Sonowal remembers Assam movement martyrs) ।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্রী সোণোৱালে কয় যে অসমৰ অস্তিত্ব ৰক্ষাৰ মহা সংগ্ৰামখনত যিসকলে আত্মবলিদান দিলে, সেইসকল চিৰনমস্য সত্তালৈ অশ্ৰু-অঞ্জলি নিবেদন কৰিছোঁ । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ চলা এই ছয়বছৰীয়া গণ আন্দোলনত (Assam movement) মহান শ্বহীদ আৰু অগণন সংগ্রামী জনতাই স্বদেশ-স্বজাতিৰ সুৰক্ষাৰ হকে ত্যাগৰ মাজেৰে অতুলনীয় দেশপ্ৰেম আৰু সাহসৰ অবিস্মৰণীয় ইতিহাস লিখি থৈ গৈছে ।
অসম আন্দোলন অসমৰ খিলঞ্জীয়া জনগণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ এক উজ্জ্বল নিদর্শন (tribute to Assam movement martyrs) । অসমীয়া জাতিক মূৰ তুলি জীয়াই ৰখাৰ স্বাৰ্থত, দেশৰ ভৱিষ্যত আৰু একতা, অখণ্ডতাৰ স্বাৰ্থত অসম আন্দোলনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হৈ ৰ'ব বুলি তেওঁ কয় । মৃত্যুঞ্জয়ী শ্বহীদসকলৰ অমৰ ত্যাগে বৃহত্তৰ অসমীয়া জাতিসত্তা আৰু ভাৰতীয় স্বাভিমানক চিৰকাললৈ উজ্জীৱিত আৰু অনুপ্ৰাণিত কৰি থাকিব । তেওঁ লগতে কয় যে বীৰ শ্বহীদসকলৰ মহৎ আদৰ্শক সাৰোগত কৰি কৰ্মপথাৰত আমি সততা, নিষ্ঠা আৰু দৃঢ়তাৰে কাম কৰি যাব লাগিব ।