গুৱাহাটী,৬ জুলাই: অলপতে দেহাৱসান ঘটা বিশিষ্ট কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ গুৱাহাটীস্থ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল । বাসগৃহত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে সদ্যপ্ৰয়াত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে ।
সোণোৱালে শিল্পীগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি তেওঁলোকৰ সৈতে ভাৱ বিনিময় কৰে । সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে কয় যে প্ৰতিজন অসমীয়াৰ মন-প্ৰাণত গুঞ্জৰিত হৈ থাকিব সুদক্ষিণা শৰ্মা বাইদেউৰ সেই চিৰপৰিচিত কণ্ঠ । যোৱা 3 জুলাইত অসমবাসীক শোকাহত কৰি পৰলোকগামী হোৱা প্ৰথিতযশা কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা বাইদেউৰ গুৱাহাটীস্থিত বাসগৃহত আজি উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।
তেওঁ লগতে কয়, ‘‘বাইদেউৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো । সংগ্ৰামৰ লগ্নত আজীৱন সম্পৃক্ত হৈ বাইদেৱে বহু কষ্ট আৰু নিৰলস সাধনাৰে অসমৰ সাংস্কৃতিক জগতক সমৃদ্ধ কৰি থৈ গৈছে । বাইদেউক আমি সদায়েই জীয়াই ৰাখিম আমাৰ মনগহনত । শিল্পীগৰাকীয়ে সদায়ে সমাজখনক সজীৱ কৰি ৰাখিছিল ।’’ শিল্পীগৰাকীৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰোঁ বুলিও তেওঁ কয় ।