গুৱাহাটী, ৮ জুন : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অৰুণাচল প্ৰদেশ তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতবৰ্ষ গঢ়ি তোলাৰ যাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনায় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ-পূৱ ভাৰতৰ উন্নতিৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে দেখুওৱা সদিচ্ছা, দূৰদৰ্শী নেতৃত্ব আৰু অটল প্ৰতিশ্ৰুতিৰ ফলতে অঞ্চলটোত স্থায়ী শান্তি আৰু ইয়াৰ অৰ্থনৈতিক পুনৰুত্থান ঘটিছে ।
ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে সমগ্ৰ উত্তৰ-পূৱৰ লগতে অৰুণাচল প্ৰদেশেও অগ্ৰণী ভূমিকা লোৱাত গুৰুত্ব আৰোপ কৰে সোণোৱালে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচলৰ ইটানগৰস্থিত আঞ্চলিক আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান (আৰএআৰআই) পৰিদৰ্শন কৰাৰ পিছত এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে (Union minister Sarbananda Sonowal in Itanagar)।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উচ্চপদস্থ বিষয়াবৰ্গ আৰু স্থানীয় নাগৰিকসকলৰ সৈতে প্ৰতিষ্ঠানখনৰ প্ৰাংগণত এক স্বচ্ছতা অনুষ্ঠানতো অংশগ্ৰহণ কৰে (Sarbananda Sonowal visited Itanagar)। ২০১৪ চনত শাসনলৈ অহাৰ পিছত মোডী চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী নীতিৰ বিষয়ে উল্লেখ কৰি সোণোৱালে কয় যে, দেশবাসীৰ অতিকৈ প্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস' নীতিৰ দ্বাৰা প্ৰতিগৰাকী নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ দিশত অহৰহ কাম কৰি আছে ।
অৰুণাচল প্ৰদেশত জল জীৱন মিছনৰ অধীনত ২.২০ লাখৰো অধিক গ্ৰাম্য পৰিয়ালে নলৰ পানীৰ সংযোগ লাভ কৰিছে । একেদৰে অৰুণাচল প্ৰদেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩৪,৫০০ তকৈও অধিক ঘৰ সম্পূৰ্ণ হৈছে । ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হিচাপে উত্তৰ-পূৱৰ ভূমিকাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, বিগত আঠটা বছৰত মোডীৰ বলিষ্ঠ নেতৃত্বত উত্তৰ-পূৱত যাতায়াত-যোগাযোগ ব্যৱস্থা যথেষ্ট সুচল আৰু উন্নত হৈছে ।
লগতে পঢ়ক :15 জুনৰ পৰা শিলচৰ নিউ হাফলঙৰ মাজত ৰে’ল চলাচলৰ সম্ভাৱনা