অসম

assam

ETV Bharat / state

কংগ্ৰেছক আউটডেটেড আখ্যা সৰ্বানন্দ সোণোৱালৰ - কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল

পঞ্জাৱৰ ঘটনাকলৈ কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া (Sarbananda Sonowal on PM security breach in Punjab)। তেওঁ ক’লে, কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিক দেশবাসীয়ে একেমুখে গৰিহণা দিছে, কংগ্ৰেছে গণতন্ত্ৰৰ সন্মান জনাব নাজানে । ভাৰতৰ মানুহৰ মনৰ পৰা কংগ্ৰেছ আঁতৰ হৈ গৈছে বুলি উল্লেখ সোণোৱালৰ ।

union-minister-sarbananda-sonowal-reacts-on-pm-security-breach-in-punjab
কংগ্ৰেছ এতিয়া আউটডেটেড : সোণোৱাল

By

Published : Jan 9, 2022, 8:58 PM IST

গুৱাহাটী, ৯ জানুৱাৰী :কংগ্ৰেছক 'আউটডেটেড' আখ্যা দিলে কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালে । পঞ্জাৱৰ ঘটনা সন্দৰ্ভত দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে এইদৰে কংগ্ৰেছক কটাক্ষ কৰে (Sarbananda Sonowal calls congress outdated)। উল্লেখ্য যে, পঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল হোৱা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া (PM Modi's security breach in Punjab)। সমগ্ৰ ঘটনাটোক লৈ শাসক-বিৰোধী দুয়োপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে ।

কংগ্ৰেছ এতিয়া আউটডেটেড : সোণোৱাল

প্ৰাক্তন মুখ্যমন্ত্রী সোণোৱালে নিজৰ প্ৰতিক্ৰিয়াত কয় যে, কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিক দেশবাসীয়ে একেমুখে গৰিহণা দিছে (Sarbananda Sonowal on PM security breach in Punjab) । কংগ্ৰেছে গণতন্ত্ৰৰ ন্যূনতমো মৰ্যদা দিব তথা সন্মান জনাব নাজানে । কংগ্ৰেছ ইতিমধ্যেই আউটডেটেড হৈছে । ভাৰতৰ মানুহৰ মনৰ পৰা কংগ্ৰেছ আঁতৰ হৈ গৈছে । তেওঁ লগতে কয় যে, প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নেতৃত্বক বিশ্ববাসীয়ে মানিবলৈ বাধ্য হৈছে ।

প্ৰধানমন্ত্রী মোডীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসেৰে অৰুণাচলৰ পৰা গুজৰাটলৈকে, লাডাখৰ পৰা কন্যাকুমাৰীলৈকে এই বিশাল উপমহাদেশত থকা প্ৰতিটো জাতি-জনগোষ্ঠী, ভাষা-ধৰ্মালম্বী লোকক আস্থা আৰু বিশ্বাসত লৈ ভাৰতবৰ্ষক উন্নয়নৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষ এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে । গতিকে কংগ্ৰেছৰ এই নিকৃষ্ট ৰাজনীতিক দেশবাসীয়ে একেমুখে গৰিহণা দিছে বুলি তেওঁ কয় ।

লগতে পঢ়ক :নিজামৰ দেশলৈ গৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ক’লে ‘‘চিন মোকাম নোহোৱা হ’ব নিজামৰ’’

ABOUT THE AUTHOR

...view details