অসম

assam

নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে শ কোটি টকা বিনিয়ােগ কৰা হ'ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

By

Published : Mar 4, 2022, 10:17 PM IST

ক'হিমাত ৫০খন বিছনাযুক্ত এখন সমন্বিত আয়ুস চিকিৎসালয়ৰ শুভ উদ্বোধন। ৭০ কোটি টকা ব্যয়েৰে নাগালেণ্ডত হ'ব এখন আয়ুর্বেদিক মহাবিদ্যালয় । নাগালেণ্ডত উপস্থিত হৈ কেন্দ্রীয় আয়ুষ মন্ত্রীৰ বিশেষ ঘোষণা(Sarbananda Sonowal announces rupees 100 crore investments) ৷

union-minister-sarbananda-sonowal-in-nagaland
নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে ১০০ কোটি টকা বিনিয়ােগ কৰা হ'ব : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

গুৱাহাটী, ৪ মার্চ : নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বিকাশৰ বাবে ১০০ কোটি টকাৰাে অধিক বিনিয়ােগ কৰা হ'ব (investments for Ayush Healthcare sector in Nagaland) । নাগালেণ্ডত উপস্থিত এই ঘোষণা কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালৰ(AYUSH Hospital inaugurated by Sarbananda Sonowal)।

নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে ১০০ কোটি টকা বিনিয়ােগ কৰা হ'ব : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে নাগালেণ্ডত ৩০খন বিছনাযুক্ত এখন আৰু ১০খন বিছনাযুক্ত তিনিখন আয়ুস চিকিৎসালয়ৰ উপৰিও এখন আয়ুর্বেদিক মহাবিদ্যালয় স্থাপনৰ কথা ঘােষণা কৰে । আনহাতে, ক'হিমাৰ ৰাজা চেডেমাত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এখন সমন্বিত আয়ুষ চিকিৎসালয়ৰাে শুভ উদ্বোধন কৰে(AYUSH Hospital inaugurated by Union AYUSH Minister)।

নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে ১০০ কোটি টকা বিনিয়ােগ কৰা হ'ব : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

উল্লেখ্য যে, নাগালেণ্ডত আয়ুসৰ উচ্চ শিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যে লংলেঙত অত্যাধুনিক আয়ুর্বেদিক মহাবিদ্যালয়খন গঢ় দিয়াৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে । জানিব পৰা মতে, ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এই মহাবিদ্যালয়খন ।

এই উপলক্ষ্যে কেন্দ্রীয় আয়ুস মন্ত্রালয় আৰু নাগালেণ্ড চৰকাৰৰ যৌথ উদ্যোগত আয়ােজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে, আয়ুষ খণ্ডত উত্তৰ-পূব দেশৰ কেন্দ্রবিন্দু হিচাপে উজলি উঠাৰ যথেষ্ট সম্ভাৱনা আছে । এইক্ষেত্ৰত বিভিন্ন মূল্যবান ঔষধি উদ্ভিদ আৰু প্রচলিত চিকিৎসা প্রণালীৰে সমৃদ্ধ নাগালেণ্ডৰ ভূমিকা অনস্বীকার্য ।

নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে ১০০ কোটি টকা বিনিয়ােগ কৰা হ'ব : কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

তেওঁ কয় যে, ভাৰতৰ লগতে চুবুৰীয়া দেশসমূহৰ বাবে সহজলভ্য স্বাস্থ্যসেৱা আৰু সুস্থতাৰ সমাধান প্রদান কৰাৰ ক্ষেত্ৰতাে উত্তৰ-পূবে এক অগ্রণী ভূমিকা গ্ৰহণ কৰিব লাগিব । ইয়াৰ লগতে নাগালেণ্ডৰ স্বাস্থ্যসেৱাৰ বিকাশ আৰু জনসাধাৰণৰ সুস্থতা বৃদ্ধিত আয়ুসৰ ভূমিকা সম্পর্কে উল্লেখ কৰি তেওঁ কয় যে, 'আমাৰ দৃষ্টিভংগী হৈছে ভাৰতীয় পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহক সর্বতােপ্ৰকাৰে শক্তিশালী কৰা ।

ইফালে, নাগালেণ্ড চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী এছ পাংনিউ ফ'ম প্রমুখ্যে কেইবাগৰাকী জনপ্রতিনিধিৰ লগতে নাগালেণ্ড চৰকাৰ আৰু আয়ুস মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে অনুষ্ঠানত অংশগ্রহণ কৰে ।

লগতে পঢ়ক :বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্রত চৰক‍াৰৰ সদিচ্ছাৰ অভাৱ :নেকিবুৰ জামান

ABOUT THE AUTHOR

...view details