অসম

assam

গ্ৰাম্য অঞ্চলত প্ৰতিদিনে ২১ ঘণ্টা আৰু নগৰাঞ্চলত ২৩ ঘণ্টালৈ বৃদ্ধি পাইছে বিদ্যুতৰ উপলব্ধতা

By

Published : Dec 3, 2021, 9:07 PM IST

গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তিমন্ত্ৰীসকলৰে কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ পৰ্যালোচনা বৈঠক (UM RK Singh holds review meeting with Power Ministers of North Eastern states) । অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি ব্যৱস্থাৰ যথেষ্ট বিকাশ ঘটিছে । বিদ্যুতৰ বৰ্ধিত চাহিদাৰ বাবে বিতৰণ আন্তঃগাঁথনিটোক সুদৃঢ়কৰণ আৰু আধুনিকীকৰণৰ প্ৰয়োজন হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ ঘোষণা- অনাগত দিনত শক্তিখণ্ডত অসম এখন উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিগণিত হ'ব ৷

Union Minister RK Singh
বিদ্যুতৰ উপলব্ধতা গ্ৰাম্য অঞ্চলত প্ৰতিদিনে ২১ ঘণ্টা আৰু নগৰাঞ্চলত ২৩ ঘণ্টালৈ বৃদ্ধি পাইছে

গুৱাহাটী, ৩ ডিচেম্বৰ : কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙে শুকৰবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ শক্তিমন্ত্ৰী আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত (UM RK Singh holds review meeting with Power Ministers of North Eastern states) মিলিত হয় । পুনৰ গঠিত বিতৰণ খণ্ড আঁচনিখনৰ (Revamped Distribution Sector Scheme) আলোচনা কৰিবলৈ বৈঠকখনি অনুষ্ঠিত কৰা হয় । কেন্দ্ৰীয় শক্তিমন্ত্ৰী সিঙে (Union Minister RK Singh) ভাষণত কয় যে, শক্তি হৈছে উন্নয়নৰ মূল চাবিকাঠি আৰু এখন দেশে ইয়াৰ নিৰন্তৰ বিদ্যুৎ যোগান ব্যৱস্থা অবিহনে বিকাশৰ পথত অগ্ৰসৰ হ'ব নোৱাৰে ।

তেওঁ লগতে কয় যে, উদ্যোগ স্থাপনৰ ক্ষেত্ৰত শক্তি হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান, যি এখন ৰাষ্ট্ৰৰ প্ৰগতিৰ মূল কাৰক ।বিগত কেইবছৰমানত উৎপাদন, প্ৰসাৰণ আৰু বিতৰণৰ ক্ষেত্ৰত বিদ্যুৎ খণ্ডত যথেষ্ট বিকাশ প্ৰত্যক্ষ কৰা হৈছে ৷ এই চৰকাৰৰ উদ্দেশ্য হৈছে দেশখনৰ গ্ৰামীণ আৰু নগৰাঞ্চলৰ প্ৰতিঘৰলৈ প্ৰতিদিনে ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰা আৰু ভাৰতক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত বিশ্ব নেতা হিচাপে প্ৰতিষ্ঠা কৰা ।

বিদ্যুতৰ উপলব্ধতা গ্ৰাম্য অঞ্চলত প্ৰতিদিনে ২১ ঘণ্টা আৰু নগৰাঞ্চলত ২৩ ঘণ্টালৈ বৃদ্ধি পাইছে

মন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে, উত্তৰ-পূৰ্বাঞ্চলকে ধৰি দেশখনত বিদ্যুতৰ উপলব্ধতা গ্ৰাম্য অঞ্চলত প্ৰতিদিনে গড়ে প্ৰায় ২১ ঘণ্টা আৰু নগৰাঞ্চলত প্ৰায় ২৩ ঘণ্টালৈ বৃদ্ধি পাইছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎ ব্যৱস্থাটো সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত তিনি-চাৰি বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্যুৎ ব্যৱস্থাটোৰ যথেষ্ট বিকাশ ঘটিছে আৰু অঞ্চলটোৰ প্ৰায় সকলো ৰাজ্যই নিজা বিদ্যুৎ ব্যৱস্থা পুনৰ গঠন কৰিবলৈ সক্ষম হৈছে । বৰ্তমান সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি ব্যৱস্থাটো চাৰি বছৰ পূৰ্বতকৈ বহু পৃথক বুলি তেওঁ লগতে কয় ।

পুনৰ গঠিত বিতৰণ আঁচনিখন সম্পৰ্কে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিয়ে লোকচান হ্ৰাস কৰাত সহায় কৰিব । তেওঁ উল্লেখ কৰে যে, বিদ্যুতৰ বৰ্ধিত চাহিদাৰ বাবে বিতৰণ আন্তঃগাঁথনিটোক সুদৃঢ়কৰণ আৰু আধুনিকীকৰণৰ প্ৰয়োজন হৈছে । আঁচনিখন ৰূপায়ণ কৰিলে প্ৰিপেইড স্মাৰ্ট মিটাৰিঙৰ জৰিয়তে উপভোক্তা সবলীকৰণ হ'ব । এই আঁচনিখনে প্ৰিপেইড স্মাৰ্ট মিটাৰিং (Prepaid smart Mitring) তথা চিষ্টেম মিটাৰিং আৰু বিতৰণ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিত্তীয় সহায় আগবঢ়াইছে বুলি মন্ত্ৰীগৰাকীয়ে লগতে কয় ।

শক্তি ব্যৱস্থাটোৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰ‍াকীয়ে উল্লেখ কৰে যে, লোকচান হ্ৰাসৰ বাবে ৰাজ্যসমূহে বিলিং দক্ষতা উন্নত কৰা, চৰকাৰী বিভাগসমূহৰ দ্বাৰা বিদ্যুতৰ ব্যৱহাৰৰ বাবে সময়োচিত পৰিশোধ ইত্যাদি নিশ্চিতকৰণত গুৰুত্ব দিব লাগিব । মন্ত্ৰীগৰাকীয়ে কয় যে, ৰূপায়ণৰ ক্ষেত্ৰত পৰিকল্পনা আৰু আন্তৰিকতাৰে দেশখনৰ নাগৰিকৰ আশা-আকাংক্ষাৰাজি পৰিপূৰণৰ বাবে এই আঁচনি ব্যৱহাৰেৰে এক কাৰ্যকৰীভাৱে দক্ষ আৰু আৰ্থিকভাৱে বহনক্ষম বিদ্যুৎ বিতৰণ খণ্ড বিকশিত কৰিব পাৰি ।

উল্লেখ যে, কেন্দ্ৰীয় চৰকাৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ পাঁচ বছৰৰ ভিতৰত ৩,০৩,৭৫৮ কোটি টকা ব্যয়সাপেক্ষে পুনৰ গঠিত বিতৰণ খণ্ড আঁচনি শীৰ্ষক সংস্কাৰ-আধাৰিত আৰু ফলাফল-সংযোজিত আঁচনিৰ অনুমোদন জনাইছে । যাৰ উদ্দেশ্য হৈছে এটি আৰ্থিকভাৱে বহনক্ষম আৰু কাৰ্যকৰীভাৱে দক্ষ বিতৰণ খণ্ডৰ জৰিয়তে উপভোক্তাসকললৈ বিদ্যুৎ যোগানৰ মানদণ্ড, নিৰ্ভৰযোগ্যতা আৰু সামৰ্থ বৃদ্ধি কৰা ।

বৈঠকত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma), ৰাজ্যখনৰ শক্তিমন্ত্ৰী বিমল বড়া আৰু ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ সচিবো উপস্থিত আছিল । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেন্দ্ৰীয় চৰকাৰৰ ‘সৌভাগ্য’ আঁচনিয়ে দেশৰ শক্তিখণ্ডলৈ উল্লেখযোগ্য পৰিৱৰ্তন লৈ আহিছে । তৃণমূল পর্যায়ত এই আঁচনিৰ ৰূপায়ণ সুনিশ্চিত কৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়ন সাধন কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । শক্তিখণ্ডৰ ৰাজহ আদায়ৰ পৰিমাণ অতিশয় সন্তোষজনক বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰী বিভাগসমূহে দিবলগীয়া বিদ্যুৎ বিলসমূহ নিয়মীয়াকৈ প্ৰদান কৰাৰ বাবেও প্ৰক্ৰিয়া এটা আৰম্ভ কৰা হৈছে । অনাগত দিনত শক্তিখণ্ডত অসম এক উল্লেখযোগ্য ৰাজ্য হিচাপে পৰিগণিত হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক :বঙাইগাঁৱত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ কেবিনেট বৈঠক

ABOUT THE AUTHOR

...view details