গুৱাহাটী, ৩০ অক্টোবৰ:"ডিজেল,পেট্ৰ'ল আদি জীৱাষ্মজাত ইন্ধনে আমাৰ পৰিৱেশতন্ত্ৰৰ ওপৰত পেলোৱা কুপ্ৰভাৱৰ বাবে ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰি উদ্ভিদজাত ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।" আজি পানীখাইটীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ বিশেষ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন জয়ৰাম গাডকাৰীয়ে এইদৰে কয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পুনৰ কয় দেশত জীৱাষ্মজাত ইন্ধনৰ বিকল্প হিচাপে উদ্ভিদজাত ইন্ধনৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ বাবে ১৮৬ টা প্ৰকল্পৰ কাম চলি আছে । ইয়াৰে ভালেসংখ্যক সফলতাৰে সম্পূৰ্ণ হৈছে বুলিও তেওঁ কয় । তেওঁ কয় যে ইথানল হৈছে এতিয়াৰ সময়ৰ আৱশ্যকতা ।
আজি আবেলি বিশ্ববিদ্যালয়খনৰ এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তেওঁ ২০১৪ চনত মন্ত্ৰিত্ব গ্ৰহণ কৰাৰ সময়ত ভাৰত যান-বাহন উদ্যোগৰ ক্ষেত্ৰত বিশ্বৰ সপ্তম স্থানত আছিল আৰু আজি ভাৰতৰ স্থান চীন আৰু আমেৰিকাৰ পিছতে তৃতীয় । অহা পাচঁ বছৰৰ ভিতৰত এইক্ষেত্ৰত দেশৰ স্থান এক নম্বৰ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি তেওঁ উল্লেখ কৰে । দেশক পাঁচ ত্ৰিলিয়ন অৰ্থনীতিৰ স্থানলৈ উন্নীত কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হাতত লোৱা 'আত্মনিৰ্ভৰ ভাৰত'ৰ ধাৰণাক সফল ৰূপ দিবলৈ যুৱচামক নতুন উদ্ভাৱনী সৃষ্টিশীলতাৰে আৰু প্ৰযুক্তিগত জ্ঞান বৃদ্ধিৰে সমৃদ্ধ হৈ আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায় ।