গুৱাহাটী, ৫ জানুৱাৰী : ‘‘আজাদী কা অমৃত মহোৎসৱ’’ৰ সময়ত ভাৰতে আয়োজন কৰা জি-২০ সন্মিলন ২০২৩ স্বয়ং এক গৌৰৱৰ বিষয় হিচাপে বিবেচিত হৈছে । অনুষ্ঠানটোৰ জৰিয়তে গণতন্ত্ৰৰ মাতৃ ভাৰতে কেনেদৰে বিভিন্ন ক্ষেত্ৰত এক বৃহৎ গণতন্ত্ৰ হিচাপে উল্লেখনীয় কাম কৰিছে আৰু ভৱিষ্যতে ভাৰতে কি কৰিব সেয়া প্ৰদৰ্শন কৰা হ’ব ।
এই পৰিপ্ৰেক্ষিতত ২০২৩ চনৰ ৬ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত প্ৰথমখন ৱাই-২০ ৰ তৰুণ গোটৰ বৈঠক অনুষ্ঠিত হ’ব । এই ৱাই-২০ আৰম্ভণি বৈঠকৰ পৰ্যালোচনা কৰিবলৈ আজি অৰ্থাৎ বৃহস্পতিবাৰে গুৱাহাটী ভ্ৰমণ কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে (Union Minister Anurag Thakur reviews G20 Summit preparations in Guwahati) ।
ভাৰতে প্ৰথমবাৰৰ বাবে ৱাই-২০ সন্মিলনৰ আয়োজন কৰিছে (Anurag Thakur reviews Y20 Group preparations in Guwahati)।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৱাই-২০ অনুষ্ঠানৰ বাবে আই আই টি গুৱাহাটী, শংকৰদেৱ কলাক্ষেত্ৰ আদিৰ দৰে অস্থায়ী স্থানসমূহ পৰিদৰ্শন কৰে আৰু যুটীয়াভাৱে কাৰ্যসূচীটোৰ সফলতাৰ পৰিকল্পনা কৰিবলৈ বিভাগীয় বিষয়া, চৰকাৰী সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ।
তেওঁ অনুষ্ঠানটোত যুৱক-যুৱতীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ ক্ষেত্ৰত আশা প্ৰকাশ কৰি সাংস্কৃতিক পৰম্পৰাৰ আদান-প্ৰদান আৰু শান্তি প্ৰক্ৰিয়া, সংঘাত ক্ষেত্ৰ আদি বিষয়ত পৰ্যালোচনাৰ বাবে গুৰুত্ব আৰোপ কৰে । তেওঁ কয় যে, অসমে অনুষ্ঠানটোৰ প্ৰস্তুতিৰ বাবে ভাল কাম কৰি আছে আৰু তেওঁ আশা কৰে যে অসমৰ পৰম্পৰা, সংস্কৃতি প্ৰদৰ্শনৰ বাবে ৱাই-২০ এক বৃহৎ মঞ্চ হিচাপে পৰিগণিত হ’ব ।
লগতে পঢ়ক :Twin Tower in Guwahati : সৰ্বানন্দ সোণোৱালৰ সপোনৰ টুইন টাৱাৰটো কাহানিও হৈ নুঠে