অসম

assam

ETV Bharat / state

বন্ধ আন্তঃজিলা যাতায়ত : ৩৭৫ কিলোমিটাৰ "আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু সোণোৱাল - বিজেপি

"আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbanada Sonowal) ৷ ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অসমত চলিব সোণোৱালৰ এই "আশীৰ্বাদ যাত্ৰা" ।

Aashibad Yatra
৩৭৫ কিলোমিটাৰ "আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু সোণোৱাল

By

Published : Aug 14, 2021, 5:37 PM IST

গুৱাহাটী, ১৪ আগষ্ট : ৰাজ্যৰ ক'ভিড পৰিস্থিতি এতিয়াও ভবা ধৰণে উন্নত হোৱা নাই ‌। চৰকাৰে ইতিমধ্যে এক ইংগিত দিছে যে, ১৬ আগষ্টৰ পৰা হয়তো খুলি দিয়া হ’ব পাৰে আন্তঃজিলা যাতায়ত । কিন্তু নিশ্চিত নহয় । আনুষ্ঠানিক ঘোষণা এতিয়াও হোৱা নাই ৷ কিন্তু আশ্চৰ্যকৰভাৱে এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbanada Sonowal) ছয়খনকৈ জিলা সামৰি প্ৰায় পঞ্চাশ হাজাৰকৈ লোক লগত লৈ "আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু হৈছে ।

ৰাজ্যিক বিজেপি এতিয়া পূৰ্ণোদ্যমে ব্যস্ত হৈ পৰিছে সোণোৱালৰ এই "আশীৰ্বাদ যাত্ৰা"ক লৈ । উল্লেখ্য যে, ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অসমত চলিব সোণোৱালৰ "আশীৰ্বাদ যাত্ৰা" । বিজেপিৰ ৰাজ্যিক উপ সভাপতি পুলক গোহাঁয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা । যদিওবা ক'ভিড প্ৰট'কল মানি এই যাত্ৰা কৰা হ'ব বুলি বিজেপিয়ে দাবী কৰিছে কিন্তু কাৰ্যতঃ সেয়া কিমান দুৰলৈ দেখা পোৱা যাব সেয়া সহজেই অনুমেয় ।

৩৭৫ কিলোমিটাৰ "আশীৰ্বাদ যাত্ৰা"ৰ বাবে সাজু সোণোৱাল

লগতে পঢ়ক:অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা

যিসময়ত ক'ভিডৰ তৃতীয় ঢৌৰ আশংকাত একপ্ৰকাৰ ৰাজ্যবাসী চিন্তিত হৈ আছে তেনে সময়তে এইদৰে ছখন জিলাক সামৰি সোণোৱালে কৰিবলৈ লোৱা "আশীৰ্বাদ যাত্ৰা"ই যে বিপদ মাতি নানিব সেই নিশ্চয়তা বিজেপিয়ে কেনেকৈ দিব পাৰিব সেয়াও লাখটকীয়া প্ৰশ্ন ।

২১, ২২ আৰু ২৩ আগষ্টত হ’বলগীয়া সোণোৱালৰ এই "আশীৰ্বাদ যাত্ৰা"ই সামৰি ল'ব লগা জিলা ছখন হ'ল ক্ৰমে গুৱাহাটী (ম), মৰিগাঁও, কলিয়াবৰ, নগাওঁ, যোৰহাট আৰু শিৱসাগৰ । এই জিলা কেইখনৰ ১৮ টা স্থানত অনুষ্ঠিত কৰা হটব সোণোৱালৰ বিশাল সভা । এই সমগ্ৰ "আশীৰ্বাদ যাত্ৰা" ত সোণোৱালে অতিক্ৰম কৰিব সৰ্বমুঠ ৩৭৫.৫ কিলোমিটাৰ পথ ৷

লগতে পঢ়ক:এইবাৰ আমিনুল ইছলামৰ বিৰুদ্ধে কি অভিযোগ আনিলে ৰাইজৰ দলে

ABOUT THE AUTHOR

...view details