গুৱাহাটী, ৭ অক্টোবৰ: কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী তথা উত্তৰ-পূব পৰিষদৰ (এনইচি) অধ্যক্ষ অমিত শ্বাহে শুকুৰবাৰে গুৱাহাটীত অসমক বানমুক্ত ৰাজ্য হিচাবে গঢ়ি তোলাৰ লক্ষ্যৰে আয়োজিত এক গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰে (Amit Shah review meeting in Guwahati)। বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, অসম অধিক বিকশিত হোৱাৰ বাবে আৰু গুৰুত্বপূৰ্ণ ব্যক্তিগত বিনিয়োগসমূহ আকৰ্ষিত কৰাৰ বাবে বানপানীৰ পৰা সুৰক্ষিত তথা বানমুক্ত হৈ উঠাটো এক অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা । তেওঁ কয় যে ৰাজ্যখনে এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব যিয়ে আগন্তুক দশকসমূহলৈ বানপানীৰ পৰা সুৰক্ষা প্ৰদান কৰিব (Amit Shah on flood free Assam)।
অমিত শ্বাহে গুৰুত্বসহকাৰে কয় যে, অসম চৰকাৰে ৰাজ্যখনৰ আৰ্দ্ৰভূমিসমূহৰ সুৰক্ষা আৰু পুনৰুজ্জীৱিতকৰণৰ লগতে সেইবোৰৰ ধাৰণ ক্ষমতা বৃদ্ধিৰ বাবে এক দৃঢ় কাৰ্যপন্থা প্ৰস্তুত কৰিব লাগে । যাতে সেইবোৰে বানপানীৰ সময়ত জলাশয় হিচাবেও কাম কৰিব পাৰে । তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যখনে জলাশয়সমূহৰ সুৰক্ষাৰ বাবে আইন(Act for protection of water bodies) প্ৰণয়ন কৰাৰ উপৰি সেই আইন প্ৰৱৰ্তনৰ বাবে এক প্ৰণালী সাজু কৰাকে ধৰি এই ক্ষেত্ৰত সকলো পদক্ষেপ ল'ব লাগিব ।