গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ গুৱাহাটী, 25 মে': অসমত স্থাপন হ'বলগীয়া দেশৰ দশমখন ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ এই উপলক্ষ্যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ আধাৰশিলা স্থাপন কৰে ৷ কামৰূপ জিলাৰ চাংসাৰিৰ মলঙত স্থাপন হ'বলগীয়া এই প্ৰকল্প কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে (Union Minister Amit Shah lays foundation stone of NFSU) ৷
প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষ্যে নিৰ্মাণ হ'বলগীয়া প্ৰকল্পটোৰ বাবে অসম চৰকাৰে 50 একৰ ভূমি আৱণ্টন দিছে ৷ দুটা পৰ্যায়ত এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হ'ব ৷ প্ৰথম পৰ্যায়ৰ কাম 2026 চনত সম্পূৰ্ণ হ'ব আৰু 2030 চনত দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হ'ব ৷ দুটা পৰ্যায় সম্পূৰ্ণ হ'লে আসনৰ সংখ্যা তিনি হাজাৰৰো অধিক হ'ব (Union Minister Amit Shah) ৷
ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী চৌহদত ফৰেনছিক বিজ্ঞান, চাইবাৰ নিৰাপত্তা, ডিজিটেল ফৰেনছিকছ, ফৰেনছিক মনোবিজ্ঞান, বন্যপ্ৰাণী ফৰেনছিক, নিচাযুক্ত দ্ৰব্য , ড্ৰ'ন ফৰেনছিক, ফৰেনছিক ন্যায় আৰু আইন বিষয়ত 50 টা স্নাতক, স্নাতকোত্তৰ, পি এইচ ডি আৰু প'ষ্ট ডক্টৰেলৰ পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব ৷ অনুষ্ঠানত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় (NFSU Guwahati Campus) ৷
একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ 'অসম পুলিচ সেৱা সেতু' নামৰ এটা পৰ্টেল মুকলি কৰে ৷ আইন বলৱৎকাৰীৰ সৈতে নাগৰিকসকলৰ সম্পৰ্কক নতুনকৈ সংজ্ঞায়িত কৰাৰ লক্ষ্যৰে এই পৰ্টেলটো মুকলি কৰা হৈছে ৷ অসম আৰক্ষী সেৱা সেতুৰ জৰিয়তে এতিয়াৰে পৰা নাগৰিকসকলে প্ৰকৃত সময়ত লাভ কৰিব বিভিন্ন সেৱা ৷ যিকোনো ঘটনাৰ বিষয়ে অৱগত কৰা , ই-এফ আই আৰ পঞ্জীয়ন, অনুমতিৰ বাবে আবেদন/এন অ' চি/প্ৰমাণীকৰণৰ বাবে আবেদন, জ্যেষ্ঠ নাগৰিক পঞ্জীয়ন ইত্যাদি কেইবাটাও সুবিধা পৰ্টেলটোত উপলব্ধ কৰা হৈছে (Amit Shah in Guwahati) ৷
আনহাতে অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য জে এম ব্যাসৰ এখন গ্ৰন্থ উন্মোচন কৰে ৷ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আজিৰ দিনটো উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ দিন ৷ এতিয়াৰে পৰা ফৰেনছিক বিজ্ঞান অধ্যয়নৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকল বাহিৰলৈ যাব নালাগে ৷ তিনি হাজাৰৰ পৰা পাঁচ হাজাৰ শিক্ষাৰ্থীয়ে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিব পাৰিব ৷
ফৰেনছিক পাঠ্যক্ৰমৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এই পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে অধ্যয়ন সমাপ্ত কৰাৰ লগে লগে নিযুক্তি লাভ কৰে ৷ তেওঁ লগতে কয় যে, বিজেপি চৰকাৰে আই পি চি, চি আৰ পি চি আৰু এভিডেন্স এক্টৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তন আনিব বিচাৰিছে ৷ ইংৰাজৰ দিনৰ আইনৰ সংশোধন ঘটাই চৰকাৰে কনভিক্সনৰ হাৰ বৃদ্ধিত গুৰুত্ব দিছে (Union Minister Amit Shah Assam Tour) ৷
ন্যায় ব্যৱস্থাটোৰ লগত ফৰেনছিকৰ বিশেষ গুৰুত্ব আছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ফৰেনছিক বিশেষজ্ঞৰ সমগ্ৰ বিশ্বতে বিশেষ প্ৰয়োজনীয়তা আছে ৷ দোষীক শাস্তি বিহাৰ ক্ষেত্ৰত ফৰেনছিকৰ বিশেষ গুৰুত্ব আছে ৷ এতিয়া অপৰাধীক থাৰ্ড ডিগ্ৰী দিয়াৰ ব্যৱস্থা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, দোষীক দোষী সাব্যস্ত কৰাৰ ক্ষেত্ৰত ফৰেনছিক বিজ্ঞানৰ বিশেষ মহত্ব আছে ৷ অপৰাধীক শাস্তি প্ৰদান কৰিব পাৰিলেহে অপৰাধ নিয়ন্ত্ৰণ হ'ব বুলি তেওঁ কয় ৷ অসম আৰক্ষীত বহুত কাম হৈছে বুলি সদৰী কৰি তেওঁ কয় যে, বিজেপি চৰকাৰৰ দিনত অসমত শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে ৷ বিগত সময়চোৱাত অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইটা উগ্ৰপন্থী সংগঠন মূলসূঁতিলৈ ঘূৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ 4 হাজাৰৰো অধিক যুৱক-যুৱতীয়ে হিংসাৰ পথ পৰিহাৰ কৰি মূলসূঁতিলৈ ঘূৰি আহিছে ৷
নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হোৱা বুলি তেওঁ ভাষণত উল্লেখ কৰে ৷ আনহাতে মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে আদালতৰ এটা ৰায়দানকলৈ মণিপুৰত কিছু সংঘাত হৈছে ৷ সংঘাতত লিপ্ত হোৱা দুয়োটা জনগোষ্ঠীৰ ৰাইজক চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস ৰখাৰ বাবে আহ্বান জনাই তেওঁ কয় যে শান্তি প্ৰতিষ্ঠা কৰাৰ বাবে চৰকাৰখনে কাম কৰি আছে ৷ দুয়োটা জনগোষ্ঠীক প্ৰথমে শান্তি প্ৰতিষ্ঠাৰ বাবে আহ্বান জনাই তেওঁ কয় যে সকলোৰে প্ৰতি ন্যায় কৰা হ'ব ৷ হিংসা কৰা সকলক ৰেহাই দিয়া নহ'ব বুলি সদৰি কৰি তেওঁ কয় যে আলোচনাৰ মাজেৰে সমস্যাৰ সমাধান হ'ব (National Forensic Sciences University) ৷
কিছুদিনৰ ভিতৰত তেওঁ তিনিদিনৰ বাবে মণিপুৰলৈ গৈ শান্তি প্ৰতিষ্ঠাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰে লগত আলোচনাত মিলিত হ'ব বুলি সদৰি কৰে ৷ তেওঁ কয় যে আলোচনাৰ মাধ্যমেৰেহে শান্তি আহিব আৰু সকলো সমস্যাৰ সমাধান হ'ব ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো অসমবাসীৰ বাবে আনন্দ আৰু প্ৰাপ্তিৰ দিন ৷ অসমত আজি দেশৰ দশমখন ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে ৷ বিশ্ববিদ্যালয়ৰ এই চৌহদটো দেশৰ ভিতৰতে অন্যতম এটা চৌহদ হিচাপে গঢ়ি তোলা হ'ব ৷ ফৰেনছিক বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ফৰেনছিকৰ দুৰ্বল স্থিতিৰ বাবে অপৰাধী সাৰি যাবলৈ সক্ষম হয় ৷ অপৰাধীৰ অপৰাধ সাব্যস্ত কৰাৰ ক্ষেত্ৰত প্ৰমাণৰ প্ৰয়োজন হয় ৷ আনহাতে বহুসময়ত সাক্ষীৰ স্থিতি সলনি হয় ৷ এনেবোৰ ক্ষেত্ৰত ফৰেনছিক বিজ্ঞানৰ বিশেষ প্ৰয়োজনীতা আছে ৷
তেওঁ লগতে কয় যে, চৰকাৰখনে ফৰেনছিকৰ ওপৰত গুৰুত্ব দিয়া বাবেই দুটা বছৰত কনভিক্সনৰ হাৰ 5 শতাংশৰ পৰা 15 শতাংশলৈ বৃদ্ধি পাইছে ৷ অসমৰ 42 জন আৰক্ষী বিষয়াই আহমেদাবাদত ফৰেনছিক বিশেষজ্ঞৰ প্ৰশিক্ষণ লৈ আছে আৰু 500 জন বিষয়াক প্ৰেৰণ কৰা হ'ব বুলিও তেওঁ কয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আৰু কয় যে বৰ্ত্তমান সময়ত অসমত অপৰাধৰ হাৰ যথেষ্ট হ্ৰাস পাইছে ৷ 2021 চনত প্ৰতি লাখ জনসংখ্যাৰ মাজত 384 টাকৈ অপৰাধ হোৱাৰ বিপৰীতে সেই সংখ্যা কমি এতিয়া 216 টা হৈছে ৷ সেইদৰে নিষ্পত্তি নোহোৱাৰ গোচৰৰ সংখ্যা 1.9 লাখৰ পৰা 56 হাজাৰলৈ হ্ৰাস পাইছে ৷
অনুষ্ঠানত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য ড৹ জে এম ব্যাসে ফৰেনছিক বিজ্ঞানৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ লগতে প্ৰসিদ্ধি সম্পৰ্কে উল্লেখ কৰে ৷ গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰিও ভালেসংখ্যক মন্ত্ৰী-বিধায়ক, চৰকাৰী বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷
লগতে পঢ়ক:Amit Shah to visit Manipur: তিনিদিনীয়া কাৰ্যসূচীৰে হিংসা জৰ্জৰ মণিপুৰলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ