অসম

assam

প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়

By

Published : Jul 3, 2022, 8:17 PM IST

প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয় (Ministry of Environment on plastic usage )। এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক ব্যৱহাৰ কৰিলেই ভৰিব লাগিব জৰিমনা, খাটিব লাগিব কাৰাবাস ৷

Ministry of Environment on plastic usage
প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়

গুৱাহাটী, ৩ জুলাই : একক ব্যৱহৃত প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয় (Ministry of Environment on plastic usage)। পহিলা জুলাইৰ পৰা দেশত নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক (Single use plastic ban in India) ।

অসমতো প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে জাৰি কৰিছে নিৰ্দেশনা । ১ জুলাইৰ পৰা দেশত নিষিদ্ধ ৭৫ মাইক্ৰ’নৰ প্লাষ্টিক । নিষিদ্ধ কৰা হৈছে একক ব্যৱহৃত প্লাষ্টিক । প্লাষ্টিকৰ উৎপাদন, মজুতকৰণ, বিক্ৰী, আমদানি, বিতৰণ আদি সকলো নিষিদ্ধ কৰা হৈছে । ১ জুলাইৰ পৰা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে (Pollution Control Board Assam) ৰাজ্যখনত প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে ।

সেইমৰ্মে দোকানী, প্লাষ্টিক সামগ্ৰীৰ পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী আদিলৈ আগতীয়াকৈ জাননী জাৰি কৰা হৈছে । প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা (সংশোধনী) বিধি, ২০২১ৰ(Plastic Waste Management Amendment Rules 2021) অধীনত বলৱৎ কৰা এই নিষেধাজ্ঞা অনুসৰি সৌন্দৰ্য বৰ্ধনৰ কামত থাৰ্মকল ব্যৱহাৰ কৰিব নোৱাৰিব ।

প্লাষ্টিক ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ হৈছে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়

প্লাষ্টিকৰ পতাকা, আমন্ত্ৰণীপত্ৰ, প্লাষ্টিকৰ কাণ খজুওৱা লাঠি, প্লাষ্টিকৰ কাপ-প্লেট, চামুচৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰিব । এশতকৈ কম মাইক্ৰ’নযুক্ত প্লাষ্টিকৰ বেনাৰ ব্যৱহাৰতো নিষেধাজ্ঞা বলবৎ কৰা হৈছে । নিৰ্দেশ মৰ্মে ৭৫ সংখ্যাতকৈ কম মাইক্ৰ’নযুক্ত প্লাষ্টিকৰ মোনা অহা ৩১ ডিচেম্বৰলৈহে ব্যৱহাৰ কৰিব পাৰিব ।

অহা ৩১ ডিচেম্বৰৰ পাছত ১২০ তকৈ কম মাইক্ৰ’নযুক্ত প্লাষ্টিকৰ বেগ ব্যৱহাৰ গ্ৰাহ্য নহ'ব । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ অৰূপ কুমাৰ মিশ্ৰই স্পষ্ট কৰিছে এই কথা । প্লাষ্টিক উৎপাদক, বিতৰকৰ সৈতে ৩০ জুনতে সন্মতি পত্ৰ নাকচ হৈছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ । নিৰ্দেশনা অমান্য কৰিলে ৭ বছৰৰ কাৰাবাস, ভৰিব লাগিব ১ লাখ টকাৰ জৰিমনা ভৰিব লাগিব । পৰিৱেশ মন্ত্ৰণালয়ে জাৰি কৰিছে এই নিৰ্দশনা (Plastic using punishment)৷

নিৰ্দেশনা কাৰ্যকৰীৰ ক্ষেত্ৰত টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে । ৰাজ্য আৰু কেন্দ্ৰত থাকিব সুকীয়া নিয়ন্ত্ৰণ কক্ষ । অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে পহিলা জুলাইৰ পৰা সজাগতা অভিযান আৰম্ভ কৰিছে । ৩১ জুলাইলৈ এই বিশাল সজাগতা অভিযান চলিব । সমগ্ৰ বিষয়টো কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তদাৰক কৰিব ।

লগতে পঢ়ক:মহানগৰীত জব্দ প্ৰায় ৪ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী: পাঁচজনক আটক

ABOUT THE AUTHOR

...view details