গুৱাহাটী, 23 এপ্ৰিল : এদিনীয়া কাৰ্যসূচীৰে আজি অৰ্থাৎ শনিবাৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং(Minister Rajnath Singh in Guwahati with one day program) ৷ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰি 1971 চনৰ ভাৰত-পাক যুদ্ধ(Indo Pak War)ৰ বীৰযোদ্ধাসকললৈ সন্মান প্ৰদৰ্শন কৰিব ৷ 105 গৰাকী বীৰ যোদ্ধালৈ আগবঢ়োৱা হ'ব এই সন্মান ৷
উল্লেখ্য যে, এই যুদ্ধত অসমৰ 9 গৰাকী সেনা জোৱান শ্বহীদ হৈছিল আৰু আন দুগৰাকী যোদ্ধাক শত্ৰুপক্ষই কৰায়ত্ত কৰিছিল ৷ ইয়াৰ লগতে 8 গৰাকী যোদ্ধা চিৰদিনৰ বাবে ঘূণীয়া হ’বলগীয়া হৈছিল ৷ কলাক্ষেত্ৰৰ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷