অসম

assam

ETV Bharat / state

সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

দেশৰ সাধাৰণ বাজেটত অসমৰ বাবে বিশেষ পেকেজ ৷ পথ নিৰ্মাণৰ বাবে বৃহৎ সংখ্যক পুঁজি ঘোষণা ৷

Union Budget: roads in Assam
সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

By

Published : Feb 1, 2021, 2:36 PM IST

নিউজ ডেস্ক,1 ফেব্ৰুৱাৰী : সোমবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে সংসদত দাখিল কৰিলে 2021-22 বৰ্ষৰ দেশৰ সাধাৰণ বাজেট ৷ ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা বাজেটত দেশৰ বিভিন্ন বিভাগৰ উন্নয়ন,নতুন আঁচনি মুকলিৰ কথা ঘোষণা কৰিলে ৷ প্ৰতিখন ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বাবেও বিশেষ পেকেজৰ কথা ঘোষণা কৰিছে বাজেটত ৷

একেদৰে,অসমৰ বাবেও বিশেষ পেকেজ 2021-22 বৰ্ষৰ বাজেটত ৷ ইতিমধ্যে,অসমত 3.3 লাখ কোটি টকাৰে 13,000 কিলোমিটাৰ পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে ৷ ইফালে, 'ভাৰতমালা' আঁচনিৰ অধীনত 5.35 লাখ কোটি টকাৰে কাম সম্পূৰ্ণ কৰিছে ৷ 'পৰিযোজনা' আঁচনিৰ জৰিয়তে 3800 কিলোমিটাৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিছে ৷

আনহাতে, 2022 বৰ্ষৰ ভিতৰত পুনৰ 8500 কিলোমিটাৰ পথ নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব ৷ বৰ্তমান অসমত প্ৰায় 19000 কোটি টকাৰে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি থকা বুলি সংসদ বিত্তমন্ত্ৰী গৰাকীয়ে উত্থাপন কৰে ৷ একেদৰে, অসমত আগন্তুক 3 বছৰৰ ভিতৰত 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :জুৱা খেল উচ্চেদ কৰিবলৈ গৈ শূন্যলৈ কেইবাজাঁই গুলী চলালে আৰক্ষীয়ে

ABOUT THE AUTHOR

...view details