গুৱাহাটী, ২৫ মাৰ্চ : নিবনুৱাক সংস্থাপন দিয়াৰ অন্যতম এটা প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কিন্তু এইক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই (Unemployment problem in Assam)। আনকি এবছৰত এক লাখ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতিও বৰ্তমানে সম্পূৰ্ণ হোৱা নাই । ইফালে নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনত নিবনুৱাৰ সংখ্যা ২২ লাখৰ পৰা ১২ লাখলৈ হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বিধানসভাৰ অধিৱেশনত সদৰী কৰিছিল ।
কিন্তু মুখ্যমন্ত্ৰীৰ এই দাবীৰ বিপৰীতে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদনে আন এক তথ্য দাঙি ধৰিছে । অর্থনৈতিক জৰীপৰ প্ৰতিবেদন মতে ২০২১ চনত ৰাজ্যৰ নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীভুক্ত নিবনুৱাৰ সংখ্যা আছিল ২২ লাখ ১২৫ গৰাকী । উক্ত বৰ্ষত প্ৰকাশ পোৱা ২৯৪ টা পদৰ বিপৰীতে মাত্ৰ ১১১গৰাকী নিবনুৱাইহে কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছিল । গতিকে বাকী ২২ লাখ ১৪ গৰাকী নিবনুৱাৰ কিমানক ৰাজ্য চৰকাৰে সংস্থাপন দিবলৈ সক্ষম হ’ল তাৰ তথ্য কিন্তু এতিয়াও পোহৰলৈ অহা নাই ।
উল্লেখ্য যে, ২০১৪, ২০১৫, ২০১৬, ২০১৭, ২০১৮, ২০১৯ আৰু ২০২০ বৰ্ষত নিয়োগ বিনিময় কেন্দ্ৰসমূহত পঞ্জীভূক্ত নিবনুৱাৰ সংখ্যা আছিল ক্ৰমে ১৭,৪৬,৫২০; ১৯,১৫,৮৮৬; ২০,১০,৬০৩; ১৯,৬৩,৩৭৬; ২০,২৪,৪৪৬; ২০,৪৭,১৯৫ আৰু ২০,৮০,৭৬৭ জন । ইয়াৰ বিপৰীতে এই বছৰসমূহত নিযুক্তি লাভ কৰা নিবনুৱাৰ সংখ্যা আছিল ক্ৰমে ১০৯৯; ১০২৮; ৫৮২; ১০২৩; ৯৮৫; ৯৭ আৰু ৮৪ গৰাকী ।
অর্থনৈতিক জৰীপৰ এই তথ্যৰ পৰা স্পষ্টভাৱে দেখা গৈছে যে ৰাজ্যত নিবনুৱা যুৱক-যুৱতীৰ সংখ্যা দিনক দিনে ভয়াৱহ ৰূপত বৃদ্ধি পাই আহিছে । কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে ২২ লাখ নিবনুৱাৰ সংখ্যা ১২ লাখলৈ হ্ৰাস পোৱা বুলি কি যুক্তিৰ আধাৰত ক’লে সেয়া ৰহস্যৰ আৱৰ্তত ।